বন্যহস্তীৰ আক্ৰমণ প্ৰাণ গ'ল এজনৰ

বন্যহস্তীৰ আক্ৰমণ প্ৰাণ গ'ল এজনৰ

ডিজিটেল সংবাদ, বকোঃ বকোৰ গোহালকোনাত সংঘটিত হৈছে এক অঘটন। অঞ্চলটো অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰপ। শনিবাৰে বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হয়। নিহত লোকজনৰ নাম হামচিং কে মাৰাক (৫৭)।

শনিবাৰে নিশা সংঘটিত হয় এই অঘটন। গোহালকোনাৰ সমীপৰ পাহাৰত এই ঘটনা সংঘটিত হয়। পাহাৰত থকা বাগানত নিয়োজিত হৈ আছিল লোকজন। ৫ টা হাতীৰ জাক এটাই লোকজনক আক্ৰমণৰ ফলত মৃত্যু হয় লোকজনৰ। এই ঘটনাটোৰ পিছত সমগ্ৰ অঞ্চলত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে।

বন্যহস্তীৰ আক্ৰমণ প্ৰাণ গ'ল এজনৰ
মথুৰাপুৰত আছুৰ মুকলি বিহুৰ লাইখুঁটা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in