মথুৰাপুৰত আছুৰ মুকলি বিহুৰ লাইখুঁটা স্থাপন

মথুৰাপুৰত আছুৰ মুকলি বিহুৰ লাইখুঁটা স্থাপন

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত আছুৰ মুকলি বিহুৰ লাইখুঁটা স্থাপন

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মথুৰাপুৰবাসী ৰাইজৰ সহযোগত পহিলা ব'হাগত অনুষ্ঠিত হ'বলগীয়া চতুদৰ্শ বাৰ্ষিক মুকলি বিহুখনৰ লাইখুঁটা দেওবাৰে মথুৰাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ স্থাপন কৰা হয় ৷

Advertisment

লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি যুগল বৰগোহাঁই ৷ এই অনুষ্ঠানত মথুৰাপুৰ হৰিহট্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিবেক বৰুৱা,সাংবাদিক প্ৰণৱ বৰগোহাঁই,প্ৰাক্তন আছু নেতা ৰঘু ৰাজকোঁৱৰ,বিশ্ব গগৈ আৰু চৰাইদেউ জিলা ছাত্ৰ সন্হাৰ উপ- সভাপতি ৰজনী গগৈ উপস্থিত থাকে ৷

Also Read: কেজৰিৱালৰ সু-স্বাস্থ্যৰ বাবে সমূহীয়া অনশন...

aasu mathurapur bihu