জামুগুৰিহাটৰ বৰদিকৰাই মিৰি গাঁৱত বনৰীয়া হাতীৰ সন্ত্ৰাস

জামুগুৰিহাটৰ বৰদিকৰাই মিৰি গাঁৱত বনৰীয়া হাতীৰ সন্ত্ৰাস

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ বৰদিকৰাই মিৰি গাঁৱত বনৰীয়া হাতীৰ সন্ত্ৰাস

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলত চলিছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ যোৱা কিছুদিন ধৰি খাদ্যৰ সন্ধানত নামেৰি বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে খেতিখোলা অনিষ্ট কৰি আহিছে ৷

Advertisment

বনৰীয়া হাতীৰ জাকৰ পৰা দিশহাৰ হৈ অহা এটা প্ৰকাণ্ড হাতীয়ে দেওবাৰে নিশা অঞ্চলটোৰ বৰদিকৰাই মিৰি গাঁৱত সন্ত্ৰাস চলাই ভানুমতি পাঠক নামৰ ব্যক্তি গৰাকীৰ সুলভ মূল্যৰ দোকান ঘৰটো ভাঙি পেলোৱাৰ লগতে ছয় বস্তাকৈ চাউল ভক্ষণ কৰি অন্যান্য সামগ্ৰীও অনিষ্ট কৰে ৷ দুখীয়া দৰিদ্ৰ ৰাইজক বিতঁৰণৰ বাৱে আনি থোৱা এই চাউল খাই বনৰীয়া হাতীয়ে অনিষ্ট কৰাৰ লগতে কেইবাটাও গঞাঁ ৰাইজৰ বাসগৃহত আক্ৰমন কৰে ৷

বনৰীয়া হাতীৰ সন্ত্ৰাসৰ মাজতে বিদ্যুতৰ লুকা ভাকুত অতিস্থ হৈ পৰিছে বৰদিকৰাই মিৰি গাওঁবাসী ৰাইজ ৷অঞ্চলটোৰ ৰাইজে বনবিভাগক অতি শীঘ্ৰে বনৰীয়া হাতীৰ সন্ত্ৰাস প্ৰতিৰোধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহনৰ দাৱী জনাইছে ৷

Also Read: ই-অফিচ কাৰ্যকৰী হ'লে ৯০ শতাংশ কৰ্মচাৰীৰ কাম নাইকীয়া হ'ব ৰাজ্যত

elephant