গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমনৰ ভয়ংকৰ ৰূপ! প্ৰাণ হেৰুৱাইছে বহুকেইজনে

গোৱালপাৰত বনৰীয়া হাতীৰ আক্ৰমণে ভয়ংকৰ ৰূপ লৈছে।জিলাখনৰ বিভিন্ন স্থানত ইজনৰ পিচত সিজন নিৰীহ লোক হাতীৰ অতৰ্কিত আক্ৰমণত মুখত পৰিছে।

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ অসম-মেঘালয় সীমান্তত ৪০/৫০জনীয়া বন্যহস্তীৰ উপদ্রৱ...

প্ৰতীকি ফটো mankachar elephant

ডিজিটেল সংবাদ, গোৱালপাৰা: গোৱালপাৰত বনৰীয়া হাতীৰ আক্ৰমণে ভয়ংকৰ ৰূপ লৈছে।জিলাখনৰ বিভিন্ন স্থানত ইজনৰ পিচত সিজন নিৰীহ লোক হাতীৰ অতৰ্কিত আক্ৰমণত মুখত পৰিছে।

Advertisment

চলিত বৰ্ষত বৃহস্পতিবাৰৰ সন্ধিয়া চাৰে পাঁচ বজালৈকৈ এটি দেৱ শিশুসহ ২৬জনকৈ পুৰুষ-মহিলা হাতীৰ আক্ৰমণত নিহত হৈছে।পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে,দিনদুপৰতে বনৰীয়া হাতীৰ জাকে ৰাজপথৰ যাত্ৰীবাহী বাহণ আক্ৰমণ কৰি নিৰীহলোকৰ প্ৰাণ কাঢ়িছে।

হাতীৰ আক্ৰমণৰ পৰা বন কৰ্মীও ৰেহাই পোৱা নাই।চলিত বৰ্ষত দুগৰাকীকৈ বন কৰ্মী নিহত হৈছে।তৎসত্বেও জিলাখনৰ হাতী-মানুহৰ সংঘাতক লৈ চৰকাৰ কিম্বা বন বিভাগে মুঠেই গুৰুত্ব দিয়া নাই। সংশ্লিষ্ট পক্ষই যেন জিলাখনৰ নিৰীহ লোকক হাতীৰ আক্ৰমণত মৰিবলৈ এৰি দিছে।

বৃহস্পতিবাৰে বিয়লি লক্ষীপুৰ আঞ্চলিক বন কাৰ্যালয় সমীপৰ একপুলীয়াৰ ১২ নং ৰাজ্যিক ঘাইপথত বনৰীয়া হাতীৰ জাকে ই-ৰিক্সা আৰু এখন চাৰিচকীয়া বাহন আক্ৰমণ কৰি পিতা-পুত্ৰকে ধৰি তিনিগৰাকীকৈ লোকক নিহত কৰাৰ বিপৰীতে দুগৰাকী লোকক গুৰুতৰভাৱে আহত কৰিছে।নিহতসকল হ'ল দুধনৈৰ পিতা-পুত্ৰ ৰমণী ৰাভা(২৯) আৰু জিনিছা ৰাভা (১৭মাহ) আৰু ধুবুৰী,বিলাসীপাৰা ঠিকাদাৰ জয়বৰ আলী।

জানিব পৰা মতে,নিহত ৰমনী ৰাভাৰ চাৰিজনীয়া পৰিয়ালটো‌ এখন ই-ৰিক্সাৰে লক্ষীপুৰৰ চৈবাৰীৰ সহুৰেকৰ ঘৰৰ পৰা দুধনৈৰ নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত বন্যহস্তীৰ জাকটোৱে একপুলীয়াৰ ৰাজপথৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ চলায়।সেইদৰে একে সময়তে নিহত ঠিকাদাৰ জয়বৰ আলীয়ে জলেশ্বৰৰ পৰা নিজৰ চাৰিচকীয়া বাহনেৰে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত বনৰীয়া হাতী জাকৰ আক্ৰমণত নিহত হৈছে।

জয়বৰ আলী জলেশ্বৰৰ নিৰ্মীয়মান মহিলা মহাবিদ্যালয়ৰ ঠিকাদাৰ।দিনদুপৰতে ৰাজপথৰ ওপৰত বনৰীয়া হাতীৰ এই ভয়ংকৰ আক্ৰমণৰ দুই-তিনি ঘণ্টাৰ ব্যৱধানত গোৱালপাৰা আঞ্চলিক বন বিভাগৰ অধীনৰ শোলমাৰীত সন্ধিয়া চাৰে পাঁচ বজাত এগৰাকী বন কৰ্মী দঁতাল হাতীৰ আক্ৰমণত নিহত হৈছে।নিহত লোকজন গোৱালপাৰা আঞ্চলিক বন বিভাগৰ ফিক্সডপেৰ বন কৰ্মী শহদেৱ ৰয়(৫১)।

শোলমাৰীস্থ বিভাগীয় নাৰ্চাৰীৰ পৰা কৰ্তব্য সমাপন কৰি ঘৰলৈ উভতাৰ পথতে নাৰ্ছাৰীৰ পিচফালে এটি অকলশৰীয়া দঁতাল হাতীয়ে আক্ৰমণ কৰি থিতাতে নিহত কৰে।কেইমাহমান পূৰ্বে লক্ষীমপুৰ আঞ্চলিক বন বিভাগৰ এগৰাকী বনকৰ্মী হাতী নিয়ন্ত্ৰণ কৰিবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছিল।নিহতসকলৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিছে।

ইপিনে গোৱালপাৰা আঞ্চলিক বন বিভাগে বনাঞ্চলৰ দাঁতি-কাষৰীয়া অঞ্চলৰ ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান কৰিছে।সন্ধিয়াৰ পৰা পূৱতি নিশালৈকে ৰবৰ কটাকে ধৰি যিকোনো কামত বনাঞ্চলত আৰু ইয়াৰ আশে-পাশে চলাচল নকৰিবলৈ বাৰণ কৰিছে। উল্লেখযোগ্য বৃহস্পতিবাৰে শোলমাৰীত বন কৰ্মীক আক্ৰমণ কৰি নিহত কৰা অকলশৰীয়া দঁতাল হাতীটো আক্ৰমণাত্মক ৰুপ লৈ আঞ্চলিক বন এলেকাত ইমূৰৰ পৰা সিমূৰলৈ বিচৰণ কৰি আছে। সম্প্ৰতি হাতীটো শোলমাৰীৰ কাষৰ মাটিয়া পাহাৰত অৱস্থান কৰি থকা বুলি গোৱালপাৰা আঞ্চলিক বন বিভাগৰ পৰা জানিব পৰা গৈছে।

আৰু পঢ়ক:দেশৰ ১০ খন প্ৰদূষিত চহৰৰ ভিতৰত ৯ খন এখন ৰাজ্যৰেই...

goalpara assam