/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5c0aa2a4-5b14-4d2d-88ac-b3b7c1b8486f/77.jpg)
ডিজিটেল সংবাদ, মায়ংঃ "বন্যপ্ৰাণী আৰু বনৰীয়া চৰাই সংৰক্ষণ কৰাটো আমাৰ সাংবিধানিক দায়িত্ব আৰু কৰ্তব্য।বনৰীয়া চৰাই ভৱিষ্যত প্ৰজন্মই সংৰক্ষণ কৰিবলৈ শিকিব লাগিব। পবিতৰাৰ ভিতৰত যিমান বনৰীয়া চৰাই আছে তাতকৈ বেছি আছে সমগ্ৰ মায়ং অঞ্চলত।সেয়ে বনৰীয়া চৰাই সংৰক্ষণৰ বাবে প্ৰকৃতি প্ৰেমী, সাংবাদিক, পৰিৱেশ বিজ্ঞানী, বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলকলৈ আয়োজন কৰা হৈছে বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ।"এই মন্তব্য নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তৰ।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱৰ ৰবিবাৰে সামৰণি পৰে। আজি অন্তিম দিনা মায়ঙৰ কৃষকসকলৰ সৈতে অনুষ্ঠিত হয় বনৰীয়া চৰাই সংৰক্ষণ সন্দৰ্ভত এখন আলোচনা চক্ৰ। আলোচনা চক্ৰত অংশগ্ৰহণ কৰি নেচাৰ্চ বেকন সঞ্চালক সৌম্যদীপ দত্ত, কৃষি বিজ্ঞানী প্ৰৱাল শইকীয়া, প্ৰকৃতিপ্ৰেমী ভাস্কৰ বৰুৱাই চৰাই সংৰক্ষণ আৰু সংবৰ্ধনত কৃষকৰ ভূমিকা সম্পৰ্কে বিশদ ভাৱে আলোচনা কৰে ।
Also Read: ইছমাইল ডিব্ৰুগড় বেচৰকাৰী সংগঠনৰ প্ৰশংসনীয় পদক্ষেপ