/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/452bc27f-f5de-4eaf-bfbf-000c43bca602/55.jpg)
ডিজিটেল সংবাদ, বৰবৰুৱাঃ বৰবৰুৱাৰ জ্ঞান ভাৰতী ইংলিছ একাডেমিত ইছমাইল ডিব্ৰুগড় বেচৰকাৰী সংগঠনে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ। বৰবৰুৱাৰ গৰুধৰীয়া দীঘলীদলনীস্থিত জ্ঞান ভাৰতী ইংলিছ একাডেমিৰ সুবিধাৰ্থে বিদ্যালয় খনৰ বাবে এটা ৱাতাৰ ফিল্টাৰ, এখন গেটৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে।
এই অনুষ্ঠানত উপস্থিত থাকে ইছমাইল ডিব্ৰুগড়ৰ সভাপতি বজৰং তুদীৰ লগতে সংগঠনটোৰ বহু কৰ্মকৰ্তা। লগতে গৰুধৰীয়াৰ গাঁৱপ্ৰধান পুস্প নেৱাৰ, বিদ্যালয়ৰ স্বত্বাধিকাৰী ৰঞ্জন প্ৰধান আৰু গোপাল প্ৰধান ,প্ৰধান শিক্ষক চেমুৱেল ডাইমে উপস্থিত থাকে।ছাত্র ছাত্ৰী সকলে বিভিন্ন নৃত্য গীত পৰিবেশন কৰে এই অনুষ্ঠানত।
Also Read: টেক অফৰ সময়তে গুৱাহাটী অভিমুখী বিমানৰ দুৱাৰ খুলিলে যাত্ৰীয়ে