কাজিৰঙাত বনৰীয়া জন্তু নিধন কৰি পুতি থলে ঘৰৰ চৌহদত...

বোকাখাত মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ডিফলুপথাৰ এলেকাত সংঘটিত ঘটনা এইয়া
কাজিৰঙাত বনৰীয়া জন্তু নিধন কৰি পুতি থলে ঘৰৰ চৌহদত...

ডিজিটেল সংবাদ, কাজিৰঙা: ৰাজ্যত সময়ে সময়ে পশু-জীৱকুল নিধনৰ ঘটনা পোহৰলৈ আহে। যি সময়ত বনৰীয়া জীৱ-জন্তু সংৰক্ষণৰ বাবে চৰকাৰ কিম্বা বন বিভাগ সজাগ হৈছে বা শাসনাধীন চৰকাৰে পশু-পক্ষী নিধন বন্ধ হৈছে বুলি দাবী কৰি অহাৰ পৰিলক্ষিত হৈছে ঠিক তেনে সময়তে পোহৰলৈ আহিছে অন্য এক বনৰীয়া জন্তু নিধনৰ ঘটনা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাতেই সংঘটিত হৈছে এই ঘটনা। বনৰীয়া ম'হ মাৰি পুতি থলে ঘৰৰ চৌহদত৷ বোকাখাত মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ডিফলুপথাৰ এলেকাত সংঘটিত ঘটনা এইয়া ৷ এবছৰৰ পূৰ্বেই সংঘটিত এই ঘটনা পোহৰলৈ আনিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কৰা অনুসন্ধানত পোহৰলৈ আহিছে এবছৰৰ পূৰ্বৰ এই ঘটনা ৷ অনুসন্ধানৰ পাছত ঘটনাৰ লগত জড়িত বিক্ৰম হেমৰম, প্ৰমোদ চাহানী আৰু ৰাজকুমাৰ চাহানী নামৰ তিনি অভিযুক্তক আটক কৰি বন্যপ্ৰাণী সংৰক্ষণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতিৰঞ্জন গগৈয়ে প্ৰকাশ কৰা মতে, এবছৰৰ পূৰ্বে ম’হটো মাৰি সংগোপনে পুতি থৈছিল অভিযুক্ত প্ৰমোদ চাহানীৰ ঘৰত ৷ অৱশ্যে ম’হটো মৰাৰ কাৰণ তদন্তৰ পাছতহে জানিব পৰা হ’ব বুলি মন্তব্য কৰে বনাঞ্চলিক বিষয়া গৰাকীয়ে ৷

কাজিৰঙাত বনৰীয়া জন্তু নিধন কৰি পুতি থলে ঘৰৰ চৌহদত...
Wildlife Sanctuaries in Assam: পৰ্যটকক আকৰ্ষিত কৰা অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in