''ডিম্বেশ্বৰ মুছাহাৰীক নহয় মোকো বধ কৰক'' নগাঁৱত প্ৰতিবাদ

নগাঁৱত চাৰি ব্যক্তিৰ অভিনব প্ৰতিবাদ ৷ অসম আৰক্ষীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰিলে চাৰি ব্যক্তিয়ে
 ''ডিম্বেশ্বৰ মুছাহাৰীক নহয় মোকো বধ কৰক'' নগাঁৱত প্ৰতিবাদ

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত চাৰি ব্যক্তিৰ অভিনব প্ৰতিবাদ ৷ অসম আৰক্ষীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰিলে চাৰি ব্যক্তিয়ে ৷ দুটি স্থানত প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদকাৰী চাৰিজনে ৷

প্ৰতিবাদৰ স্থান নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ আৰু নগাঁও সদৰ থানা ৷ প্ৰতিবাদকাৰী কেইজন হৈছে ৰাজপথত শিবৰ ভাও দি গ্ৰেপ্তাৰ হোৱা আৰু পৰবৰ্তী সময়ত আপত যোগ দিয়া বিৰিঞ্চি বৰা , আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ বলি হোৱা কীৰ্তি কমল বৰা , লোকনিৰ্মান বিভাগৰ কৰ্মচাৰী দুলাল বৰা আৰু ৰূপম বৰা ৷

চাৰি প্ৰতিবাদকাৰীয়ে দাবী কৰিলে ডিম্বেশ্বৰ মুছাহাৰীক নহয় মোকো বধ কৰক ৷ চাৰিওজনে হাতত পোষ্টাৰ লৈ কৰিলে প্ৰতিবাদ ৷ ইয়াৰে দুলাল বৰাই নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ত্ৰিৰঙ্গা পতাকা লৈ কৰে প্ৰতিবাদ ৷ আন তিনিজনে নগাঁও সদৰ থানাৰ সন্মুখত কৰে প্ৰতিবাদ ৷

চাৰিও প্ৰতিবাদকাৰীয়ে অসম আৰক্ষীক তীব্ৰ সমালোচনা কৰে ৷ প্ৰতিবাদকাৰী দুলাল বৰাৰ ক্ষোভ আৰক্ষীয়ে আৰু কাকো মাৰিব নালাগে মোকে মাৰক ৷

 ''ডিম্বেশ্বৰ মুছাহাৰীক নহয় মোকো বধ কৰক'' নগাঁৱত প্ৰতিবাদ
গহপুৰত দুই দুৰ্ধষ গড় চিকাৰী গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in