পৰকীয়া প্ৰেমিকৰ সৈতে পলাই গ'ল পত্নীঃ হিয়া ঢাকুৰি কান্দিছে স্বামীয়ে

পৰকীয়া প্ৰেমিকৰ সৈতে পলাই গ'ল পত্নীঃ হিয়া ঢাকুৰি কান্দিছে স্বামীয়ে

author-image
Asomiya Pratidin
New Update
পৰকীয়া প্ৰেমিকৰ সৈতে পলাই গ'ল পত্নীঃ হিয়া ঢাকুৰি কান্দিছে স্বামীয়ে

ডিজিটেল সংবাদ,হাজোঃ হাজোৰ অন্তৰ্গত জাপিয়া গাঁৱত পত্নীক বিচাৰি হিয়া ঢাকুৰি কান্দিছে এজন লোকে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি জাপিয়া গাঁৱৰ এগৰাকী দুই সন্তানৰ মাতৃ পৰ পুৰুষৰ লগত পলাই যায়। এটা সন্তানক লগত লৈ নলবাৰীৰ কোনো যুৱকৰ সৈতে পলাই যায় মহিলাগৰাকী।

এতিয়া পত্নীক বিচাৰি হাবাথুৰি খাইছে স্বামীয়ে। মাতৃৰ বাবে কান্দি কান্দি হাহাকাৰ কৰিছে এৰি যোৱা সন্তানটোৱে। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত হাজো আৰক্ষীত এজাহাৰ দাখিল কৰিছে স্বামীয়ে।

Also Read: ধুমুহাত আঘাতপ্ৰাপ্ত বগলীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান সাংবাদিকৰ

Wife ran away Haju