ধুমুহাত আঘাতপ্ৰাপ্ত বগলীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান সাংবাদিকৰ

শলাগ লৈছে প্ৰকৃতিপ্ৰেমীয়ে..

author-image
Asomiya Pratidin
New Update
ধুমুহাত আঘাতপ্ৰাপ্ত বগলীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান সাংবাদিকৰ

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত ৰীমালৰ সংহাৰী ৰূপ। ধুমুহা বতাহত গছ উভালি পৰাত গছত আশ্ৰয় লোৱা জাক জাক বগলী আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত হোৱা বগলী উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে কলিয়াবৰৰ ৪ গৰাকী সাংবাদিকে।

Advertisment

কলিয়াবৰৰ গোমোঠা গাঁৱত বাঁহ গছ¸তামোল গছ উভালি পৰি আঘাতপ্ৰাপ্ত ৫০তকৈ অধিক বগলী পোৱালী। বগলীৰ বহু কণী নষ্ট হোৱাৰ লগতে কেইবাটাও বগলী পোৱালীৰ মৃত্যু হয়। বিগত কেইবাবছৰ ধৰি গোমোঠা গাঁৱৰ বাঁহগছত আশ্ৰয় লৈ আছিল কেইবা হাজাৰ বগলী।

ধুমুহাত আঘাতপ্ৰাপ্ত হোৱা বগলীৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ কলিয়াবৰৰ ৪ সাংবাদিকে উদ্ধাৰ কৰিলে আঘাতপ্ৰাপ্ত বগলী। কলিয়াবৰৰ সাংবাদিক ক্ৰমে দীপু বৰা¸ আশীষ কুমাৰ শইকীয়া¸ ৰূপজ্যোতি গোস্বামী¸ লক্ষ বৰাই উদ্ধাৰ কৰে আঘাতপ্ৰাপ্ত বগলী কেইটা।

উদ্ধাৰ কৰা বগলীৰ লগতে বগলীৰ পোৱালী কেইটা চিকিৎসা প্ৰদানৰ বাবে পশু চিকিৎসক সুৰোজ প্ৰতীম কাকতিৰ ওচৰত চমজাই দিয়ে। সাংবাদিক চাৰিগৰাকীৰ এনে প্ৰচেষ্টাক শলাগ লৈছে প্ৰকৃতিপ্ৰেমীয়ে।

Also Read: ৰীমালে কাঢ়িলে আৰু এগৰাকী ছাত্ৰৰ প্ৰাণঃ বিলাসীপাৰাত টেম্পোৰ ওপৰত পৰিল গছ...

heron kaliabar news journalist news