
ডিজিটেল ডেস্ক: ইটোৰ পিছত সিটো লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰিছে ৰাজ্য। শিলচৰত ছুৰীৰে হানি-খুচি স্বামীক হত্যা কৰিলে পত্নীয়ে।
হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে পত্নীয়ে। বুধবাৰে শিলচৰৰ মেহেৰপুৰ কাবিউৰাত সংঘটিত এই ঘটনা।
মাপ্পী বেগম নামৰ মহিলাগৰাকীয়ে হত্যা কৰিলে স্বামীক। নিহত স্বামীৰ নাম ফাৰমিন উদ্দিন। পৰকীয়া প্রেমৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।