অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিক দলৰ অভিযান, বিস্ফোৰক তথ্য পোহৰলৈ

ৰাজ্য জোকাৰি যোৱা অমৰজ্যোতি দে' আৰু শংকৰী দে' হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই।
অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিক দলৰ অভিযান, বিস্ফোৰক তথ্য পোহৰলৈ

ডিজিটেল ডেস্ক: ৰাজ্য জোকাৰি যোৱা অমৰজ্যোতি দে' আৰু শংকৰী দে' হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলাই গৈছে অভিযান আৰু নিতৌ উন্মোচিত হৈছে ন ন তথ্য।

বুধবাৰে নাৰেংগীৰ অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিক দলে অভিযান চলায়। ফৰেনছিকৰ দলটোৰ সৈতে আছিল আৰক্ষীৰ লোকো।

মৃত দে’ৰ বাসগৃহত তদন্তত আৰক্ষীয়ে লাভ কৰে বিস্ফোৰক তথ্য। ৫ দিন ধৰি ৰহস্যজনক ভাৱে সন্ধানহীন হৈ আছে ভাড়াতীয়া এজন ছাত্র ।ছাত্রজনৰ সন্ধান বিচাৰি আৰক্ষীয়ে চলাইছে তদন্ত।

ফৰেনছিকৰ দলটোৱে বাসগৃহটোৰ পৰা নমুনা সংগ্ৰহ কৰে। লগতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব নিৰুদ্দেশ হোৱা ছাত্ৰ জন ক'লৈ গ'ল।

অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিক দলৰ অভিযান, বিস্ফোৰক তথ্য পোহৰলৈ
'যিদিনা মোক বিচাৰি নাপাবা...' গ'লগৈ ড০ বিৰিঞ্চি কুমাৰ মেধিও

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in