যৌতুকৰ বাবে পত্নীক হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

যৌতুকৰ বাবে পত্নীক হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

ডিজিটেল সংবাদ, সৰভোগঃ এক মৰ্মান্তিক, হৃদয় বিদাৰক ঘটনা। স্বামী পৰিয়ালে পৰিকল্পিতভাৱে এগৰাকী ন-বোৱাৰীক হত্যা কৰাৰ অভিযোগ।

সাতবইনীৰটুপৰ আবু ছায়েদে তেওঁৰ কন্যাক প্ৰায় দুবছৰ পূৰ্বে জশিহাটী গাঁৱৰ ছানোৱাৰ দেৱানৰ পুত্ৰ তমেজ উদ্দিনৰ লগত সামাজিকভাৱে বিয়া দিছিল। বিয়াৰ পিছৰে পৰা স্বামী পৰিয়ালে শাৰীৰিক আৰু মানসিক বাবে অত্যাচাৰ কৰিছিল মহিলগৰাকীক।

উল্লেখ্য যে, মহিলাগৰাকীৰ পিতৃয়ে বিবাহৰ সময়ত যৌতুক হিচাপে দুচকীয়া বাইক, নগদধন, সোণৰ আ-অলংকাৰ দিছিল। কিন্তু সেই যৌতুকৰে পেট নভৰে তমেজ উদ্দিনৰ । যাৰ বাবে মহিলাগৰাকীক দীৰ্ঘদিনৰ পৰা স্বামী পৰিয়ালে যৌতুকৰ বাবে অত্যাচাৰ কৰাৰ অভিযোগ।

তাৰপাছতে সোমবাৰে সংঘটিত হয় মৰ্মান্তিক ঘটনা। উক্ত দিনা সন্ধিয়া ভাগত মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰি স্বামী পৰিয়ালে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাই বুলি অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ আছে এটি ১০ মহীয়া সন্তানো।

ইয়াৰ পাছতে কান্দোনত ভাঙি পৰিছে মহিলাগৰীকৰ পিতৃৰ পৰিয়াল । দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে মহিলাগৰাকীৰ পৰিয়ালে প্ৰশাসন তথা চৰকাৰক আহ্বান জনাইছে।

যৌতুকৰ বাবে পত্নীক হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে
বৈঠক ত্যাগ লালু প্ৰসাদ আৰু নীতিশ কুমাৰৰ, বিৰোধী মৰ্চাত এতিয়া চলিছে নেতাৰ অভিমান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in