কোভিডে প্ৰাণ কাঢ়িলে স্বামীৰঃ বাল্য বিবাহৰ অপৰাধত পিতৃ-মাতৃ জে'ল যোৱাৰ ভয়ত আত্মহত্যা বিধৱা বোৱাৰীৰ...

কোভিডে প্ৰাণ কাঢ়িলে স্বামীৰঃ বাল্য বিবাহৰ অপৰাধত পিতৃ-মাতৃ জে'ল যোৱাৰ ভয়ত আত্মহত্যা বিধৱা বোৱাৰীৰ...
কোভিডে প্ৰাণ কাঢ়িলে স্বামীৰঃ বাল্য বিবাহৰ অপৰাধত পিতৃ-মাতৃ জে'ল যোৱাৰ ভয়ত আত্মহত্যা বিধৱা বোৱাৰীৰ...

ডিজিটেল ডেস্কঃ অৱশেষ যি হ'ব নালাগিছিল সেয়াই হ'ল। সংবাদ মেল পাতি তালিকা প্ৰকাশ কৰি একে নিশাই হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰি অসমত যেনে ধৰণৰ পৰিস্থিতিৰ সূচনা কৰা হ'ল সেই পৰিস্থিতিৰ পাৰ্শ্চক্ৰিয়াৰ ফলতেই মৃত্যু হ'ল এগৰাকী বিধৱা মহিলাৰ। পিতৃ, মাতৃক গ্ৰেপ্তাৰৰ ভয়তেই উপায়ন্তৰ হৈ আত্মহত্যাৰ পথ বাচি ল'লে এগৰাকী বিধৱাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ ৰোধ কৰাৰ নামত ৰাজ্যত আৰক্ষীৰ জৰিয়তে বুধবাৰে নিশাৰে পৰা আৰম্ভ কৰিলে অভিযান। এই অভিযানত বৃহস্পতিবাৰৰ নিশালৈকে ২ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হ'ল।

গ্ৰেপ্তাৰ হোৱা এই লোকসকলৰ মাজত আছিল বাল্য বিবাহ কৰা স্বামী, পূজাৰী, কাজি আদি, অভিভাৱক আদি। বাল্য বিবাহ কৰা স্বামীক বিচাৰি নোপোৱাৰ বাবে বহুতৰে অভিভাৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আনহাতে ১৬ বছৰৰ তলত ছোৱালীক যিসকলে বিয়া কৰাইছিল তেওঁলোকৰ বিৰুদ্ধে পচকো আইনৰ ধাৰা সন্নিৱিষ্ট কৰাৰ কথাও ঘোষণা কৰা হৈছিল। এনে পৰিস্থিতি বৃহস্পতিবাৰৰ পৰা বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যত এক উত্তেজনাময় পৰিস্থিতিৰ সূচনা হৈছে।

ক'ৰবাত যদি পত্নী, অভিভাৱকে থানাৰ সন্মুখত বাগৰি বাগৰি কান্দিছে আন ক'ৰবাত আকৌ সন্তান লৈ পত্নীয়ে থানাৰ সন্মুখত পাৰ কৰিছে সময়। ক'ৰবাত আকৌ বাল্য বিবাহৰ বাবে অভিভাৱকক গ্ৰেপ্তাৰ কৰাৰ বাবে বিধৱা পত্নীয়েও ৰাজপথলৈ ওলাই আহিছে। একেদৰে ওলাই আহিছে গৰ্ভৱতী মহিলাও। সকলোৰে এটাই দাবী ঘূৰাই লাগে তেওঁলোকৰ স্বামী তথা সন্তানক।

এনে এক উত্তেজনাময় পৰিস্থিতিৰ মাজতে মানকাচাৰত ঘটিল এক অঘটন। মানকাচৰৰ ঝাইডাঙা পূবেৰ গাঁৱত এগৰাকী বিধৱা বোৱাৰীয়ে বাচি ল'লে আত্মহত্যাৰ পথ। এইগৰাকী বিধৱা বোৱাৰীৰ ভয়, কিজানি তেওঁৰ পিতৃ-মাতৃ জে'ললৈ যাব লাগে।

আত্মহত্যাৰ পথ বাচি লোৱা এই বোৱাৰী গৰাকীৰ নাম খুসবু বেগম। ২০১২ চনতে খুসবু বেগমে স্থানীয় মনোজ মিয়া নামৰ এজন যুৱকৰ সৈতে বিয়াত বহিছিল। দুয়োৰে সংসাৰ ঠিকেই চলি আছিল।

তেওঁলোকৰ আছে দুটাকৈ সন্তানো। তাৰ মাজতে কোভিড মহামাৰীয়ে খুসবুৰ স্বামী মনোজ মিয়াৰ প্ৰাণ কাঢ়ি নিয়ে। ফলত মনোজ মিয়াৰ পিতৃ-মাতৃৰ সৈতেই দুই সন্তানক লৈ আছে স্বামীহাৰা খুসবু বেগম।

উল্লেখ্য যে, খুসবু বেগম যি সময়ত বিয়াত বহিছিল সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১২ বছৰ। দুই সন্তানৰ মাতৃ তথা বিধৱা বোৱাৰীগৰাকীৰ এতিয়া বয়স ২২ বছৰ। কিন্তু শেহতীয়াকৈ যিদৰে বাল্য বিবাহৰ সৈতে জড়িতসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাই আতংকিত কৰি তুলিলে খুসবুক। ইতিমধ্যে স্বামীৰ মৃত্যু হোৱা খুসবুৰ পিতৃ-মাতৃকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ লৈ যোৱাৰ ভয়তে বাচি ল'লে আত্মহত্যাৰ পথ।

কোভিডে প্ৰাণ কাঢ়িলে স্বামীৰঃ বাল্য বিবাহৰ অপৰাধত পিতৃ-মাতৃ জে'ল যোৱাৰ ভয়ত আত্মহত্যা বিধৱা বোৱাৰীৰ...
জন্মৰ পূৰ্বেই সন্তানক কৈ কাজিয়াঃ ৰাজপথৰ বাহনতেই সন্তান প্ৰসৱ কৰাত অভিভাৱকৰ পলায়ন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in