মঙলদৈৰ কস্তুৰী শিশু গৃহলৈ কিয় আহিল আমেৰিকাৰ অৰ্থনীতিবিদ...

মঙলদৈৰ কস্তুৰী শিশু গৃহলৈ কিয় আহিল  আমেৰিকাৰ অৰ্থনীতিবিদ...
Published on
Updated on

ডিজিটেল সংবাদ,মঙলদৈঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেম হিউষ্টন ষ্টেইট ইউনিভাৰচিটীৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ডঃ ডেভিদ ড্ৰাকাৰ, তেওঁৰ পত্নী ৰুথ্ লিলি ড্ৰাকাৰৰ লগতে গুৱাটেমালাৰ ইউনিচ গ্ৰামাহো কাষ্টিঅ' আৰু অট্ট লুইচ মাৰ'কিন বাৰগ'চ দেওবাৰে হঠাতে আহি উপস্থিত হয় মঙলদৈৰ কস্তুৰী শিশু গৃহত।

দিনৰ ১২:৩০ বজাত মঙলদৈৰ সু সন্তান তথা ছেম হিউষ্টন ষ্টেইট ইউনিভাৰচিটীৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডঃ হিৰণ্য কুমাৰ নাথৰ লগত শিশু গৃহটিত উপস্থিত হোৱাৰ লগে লগে কস্তুৰী শিশু গৃহৰ সঞ্চালিকা ৰশ্মিৰেখা শৰ্মাই বিদেশী পৰ্যটক সকলক শিশু গৃহটিৰ আৱাসী সকলে নিজ হাতে বোৱা ফুলাম গামোচা, ৰুমাল আৰু বাঁহেৰে তৈয়াৰ কৰা বিভিন্ন গহণাৰে আদৰণি জনায়।

শিশুসকলৰ লগত ড০ ড্ৰাকাৰে পঢ়া-শুনা সম্পৰ্কে বহু সময় আলাপ কৰে। ইয়াৰ পিছতে কস্তুৰী শিশু গৃহৰ আৱাসী সকলে হিন্দী, অসমীয়া কেইবাটাও গীত পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে। শিশু গৃহৰ আৱাসীৰ গীত মাত আৰু আতিথ্যত মুগ্ধ হৈ তেওঁলোকে শিশু সকলৰ বাবে নগদ ১৫ হাজাৰ টকা আগবঢ়ায়। এই কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথ, গণেশ দত্ত, সমাজসেৱক শেখৰ মজুমদাৰ, গাইড উদিত ভানু বৰঠাকুৰ আদি উপস্থিত থাকে।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে অৰ্থনীতিৰ গৱেষণাত বহুলভাৱে ব্যৱহৃত Stata নামৰ ছফ্টৱেৰটোৰ অন্যতম স্ৰষ্টা ডঃ ডেভিদ ড্ৰাকাৰে খড়গপুৰ আই আই টিত পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাত অধ্যাপক ডঃ হিৰণ্য কুমাৰ নাথৰ লগত অংশগ্ৰহণ কৰি অসম চোৱাৰ মানসেৰে চাৰিদিনীয়া কাৰ্যসূচীৰে আহিছে।

এই অভ্যাগতসকলে অসমৰ প্ৰাকৃতিক দৃশ্য, ইয়াৰ মানুহৰ ব্যৱহাৰত মুগ্ধ হোৱা বুলি এই প্ৰতিবেদকৰ আগত ব্যক্ত কৰে। তাৎপৰ্যপূৰ্ণ যে, ডেভিদ ড্ৰাকাৰৰ বাহিৰে অইন কেইগৰাকী অতিথি স্পেনিছভাষী। ড০ ড্ৰাকাৰৰ ইংৰাজী আৰু স্পেনিছ দুয়োটা ভাষাতে ব্যুৎপত্তি থকা হেতু তেওঁ অনুবাদকৰ ভূমিকাও ল'ব লগা হয়।

মঙলদৈৰ কস্তুৰী শিশু গৃহলৈ কিয় আহিল  আমেৰিকাৰ অৰ্থনীতিবিদ...
বিশ্বকাপত আজি ভাৰত বনাম অষ্ট্ৰেলিয়াঃ শিৱম ডুবেৰ সলনি সুযোগ পাব নেকি সঞ্জুয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in