/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/82602c58-e5c3-4683-b0c2-9ef7802023c0/d38a1809_98aa_4a50_9c0d_3f76a26c9bf3.jpg)
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ৰ অন্তিমখন মেচত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফিল্ডত নামিব টীম ইণ্ডিয়া। ইতিমধ্যে ছুপাৰ-৮ৰ দুখন মেচ খেলা টীম ইণ্ডিয়াই অধিক উদ্যমেৰে আজি খেলপথাৰত নামিব। অন্তিমখন খেলত অধিনায়ক ৰোহিত শৰ্মাই প্লেয়িং-১১ৰ সালসলনি কৰিব নেকি বুলিও চৰ্চা হৈছে।
ছুপাৰ-৮ৰ অন্তিমখন মেচত সঞ্জু চেমচনে দলত স্থান পাব নেকি বুলি চৰ্চা চলি থকাৰ সময়তে ক্ৰিকেট বিশেষজ্ঞসকলে মত ব্যক্তি কৰিছে যে, মিডিল অৰ্ডাৰত বৰ্তমান শিৱম ডুবেই ভাল খেল প্ৰদৰ্শন কৰি আছে। বাংলাদেশৰ বিৰুদ্ধে খেল মেচত শিৱমে ভাল খেল প্ৰদৰ্শন কৰিছিল। তেনে স্থলত অন্তিমখন মেচত সঞ্জু চেমচনে স্থান লাভ কৰা সম্ভাৱনা খুবেই ক্ষীণ।
ইফালে গ্ৰুপ পৰ্যায়ৰ মেচসমূহ নিউৰ্য়কত খেলা হৈছিল বাবে ৰোহিত শৰ্মাই দলত প্ৰেছ বলাৰক অধিক গুৰুত্ব প্ৰদান কৰিছিল। কিন্তু ছুপাৰ-৮ৰ মেচ সমূহ খেলা হৈছে ৱেষ্ট ইণ্ডিছত। এই খেলপথাৰ স্পিনাৰৰ বাবে খুবেই সহায়ক। সেয়েহে দলত ৩গৰাকী স্পিনাৰ বলাৰক সুযোগ দিছে অধিনায়ক ৰোহিতে।
ৰোহিত শৰ্মাই বাংলাদেশৰ বিৰুদ্ধে খেলা মেচখনত প্লেয়িং-১১ৰ কিছু সালসলনি কৰিছিল যদিও ইয়াৰ পিছৰ মেচখনত দলৰ কোনো পৰিৱৰ্তন কৰা নাছিল। সেই দিশৰ পৰা চাবলৈ হলে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্লেয়িং-১১ৰ কোনো সালসলনি নকৰে অধিনায়ক ৰোহিতে।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ সম্ভাৱ্য প্লেয়িং-১১ৰ খেলুৱৈ সকল- ৰোহিত শৰ্মা, বিৰাট কোহলী, ঋষভ পন্ট, সূৰ্যকুমাৰ যাদৱ, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, অক্ষয় পেটেল, অৰ্শদ্বীপ সিং, কুলদ্বীপ যাদৱ আৰু যশপ্ৰীত বুমৰাহ।