ৰাণা গোস্বামীৰ ৫কঠা মাটিৰ মালিক হ'ব কোন ?

ৰাণা গোস্বামীয়ে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পৰা পদত্যাগ কৰাৰ পাছতে এতিয়া আন এটা প্ৰসংগই তীব্ৰ চৰ্চা লাভ কৰিছে
ৰাণা গোস্বামীৰ ৫কঠা মাটিৰ মালিক হ'ব কোন ?

ডিজিটেল ডেস্কঃ ৰাণা গোস্বামীয়ে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পৰা পদত্যাগ কৰাৰ পাছতে এতিয়া আন এটা প্ৰসংগই তীব্ৰ চৰ্চা লাভ কৰিছে। সেই চৰ্চাটো হৈছে- ৰাণা গোস্বামীৰ ৫কঠা মাটিৰ মালিক এতিয়া কোন হ'ব !

এই চৰ্চা এইকাৰণতেই এতিয়া তুংগত উঠিছে, কিয়নো কিছুদিনৰ পূৰ্বে ৰাণা গোস্বামীয়ে নিজেই কৈছিল যে, ‘কংগ্ৰেছ এৰিম বুলি কোনোবাই প্ৰমাণ দিব পাৰিলে মই মোৰ পৈতৃক সম্পত্তিৰ ৫কঠা মাটি তেওঁৰ নামত লিখি দিম।‘ গোস্বামীৰ এই ঘোষণাক লৈয়ে এতিয়া সামাজিক মাধ্যমত তীব্ৰ চৰ্চা হৈছে যে, কাৰ নামত এতিয়া ৰাণা গোস্বামীয়ে লিখি দিব ৫কঠা মাটি।

অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ইতিমধ্যে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে গোস্বামীয়ে। সকলো ঠিকে-ঠাকে থাকিলে বুধবাৰে সন্ধিয়াৰভাগত বিজেপিত যোগদান কৰিব পাৰে প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীয়ে।

কংগ্ৰেছ দল পদত্যাগ কৰাৰ পাছতে এতিয়া বহু কংগ্ৰেছ কৰ্মীয়ে ৰাণা গোস্বামীক প্ৰশ্ন কৰিছে যে, তেওঁ এতিয়া ৫কঠা মাটি কাৰ নামত লিখি দিব। কিয়নো যোৱা ১ফেব্ৰুৱাৰীত সংবাদ মাধ্যমৰ আগত চেলেঞ্জ কৰি তেওঁ কৈছিল এনেদৰে-  মোৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে। এয়া সম্পূৰ্ণৰূপে এক মিছা চৰ্চা। এই চৰ্চাৰ কোনো ভিত্তি নাই। যদিহে কোনোৱে মোক অন্য দলৰ সৈতে যোগাযোগ কৰিছো বুলি প্ৰমাণ দিব পাৰে, তেন্তে প্ৰমাণ দিওতাক মই পৈতৃক সম্পত্তিৰ ৫কঠা মাটি লিখি দিম।' 

ৰাণা গোস্বামীৰ ৫কঠা মাটিৰ মালিক হ'ব কোন ?
কংগ্ৰেছ এৰিব বুলি প্ৰমাণ দিব পাৰিলেই ৰাণা গোস্বামীয়ে দিব ৫কঠা মাটি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in