কংগ্ৰেছ এৰিব বুলি প্ৰমাণ দিব পাৰিলেই ৰাণা গোস্বামীয়ে দিব ৫কঠা মাটি...

ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰিব বুলি এক চৰ্চা বহুদিনৰে পৰা চলি আছিল। তাৰ পাছতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে নিজৰ স্থিতি এনেদৰে স্পষ্ট কৰে। ভৱিষ্যতেও কংগ্ৰেছ দল এৰা কোনো কথাই আহিব নোৱাৰে বুলি মত ব্যক্ত কৰে ৰাণা গোস্বামীয়ে
কংগ্ৰেছ এৰিব বুলি প্ৰমাণ দিব পাৰিলেই ৰাণা গোস্বামীয়ে দিব ৫কঠা মাটি...

ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে দলত্যাগৰ চৰ্চা চলি থকা সময়তে কংগ্ৰেছ নেতাগৰাকীয়ে এই চৰ্চাক সম্পূৰ্ণ মিছা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শেহতীয়াকৈ গোস্বামীয়ে এয়া তেওঁৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰি এই চৰ্চাক ভিত্তিহীন বুলি মন্তব্য কৰে।

ৰাণা গোস্বামীয়ে এই চৰ্চাক লৈ সংবাদমাধ্যমৰ সন্মুখত কয় যে, মোৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে। এয়া সম্পূৰ্ণৰূপে এক মিছা চৰ্চা। এই চৰ্চাৰ কোনো ভিত্তি নাই। যদিহে কোনোৱে মোক অন্য দলৰ সৈতে যোগাযোগ কৰিছো বুলি প্ৰমাণ দিব পাৰে, তেন্তে প্ৰমাণ দিওতাক মই পৈত্ৰিক সম্পত্তিৰ ৫কঠা মাটি লিখি দিম।' এনে উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ সকলোকে আহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে।

ইফালে যোৰহাটত ভূপেন বৰাক লগ নিদিয়াক লৈ চলি থকা চৰ্চাৰ সন্দৰ্ভতো নিজৰ স্থিতি স্পষ্ট কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। সংবাদমাধ্যমৰ সন্মুখত তেও কয়- মোৰ শাৰীৰিক অসুস্থতাৰ বাবেহে মই কংগ্ৰেছ সভাপতিগৰাকীক যোৰহাটত লগ দিব নোৱাৰিলো। সেই কথা মই তেওক আগতেই জনাইছো। তাত কোনো অন্য বিষয় জড়িত নাই। ভূপেন বৰাইও মোৰ স্বাস্থ্যৰ সন্দৰ্ভত পিছত ফোন কৰি খবৰ লৈছে। গতিকে মনোমালিন্যৰ কোনো কথাই থাকিব নোৱাৰে।'

উল্লেখ কৰা প্ৰয়োজন যে, ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰিব বুলি এক চৰ্চা বহুদিনৰে পৰা চলি আছিল। তাৰ পাছতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে নিজৰ স্থিতি এনেদৰে স্পষ্ট কৰে। ভৱিষ্যতেও কংগ্ৰেছ দল এৰা কোনো কথাই আহিব নোৱাৰে বুলি মত ব্যক্ত কৰে ৰাণা গোস্বামীয়ে।

কংগ্ৰেছ এৰিব বুলি প্ৰমাণ দিব পাৰিলেই ৰাণা গোস্বামীয়ে দিব ৫কঠা মাটি...
মাইকেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in