নিয়ম কাৰ বাবে ?

নিয়ম কাৰ বাবে ?

ডিজিটেল ডেস্ক : কামৰূপ জিলা পৰিবহন বিভাগে চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা মহানগৰীত চলাচল হৈ থকা চিটি বাছ সমূহৰ বাবে তৎকালীনভাৱে জাৰী কৰিছিল এক নিৰ্দেশনা । এই নিৰ্দেশনা অনুসৰি, মহানগৰীৰ চিটি বাছসমূহত ই-টিকেটৰ ব্যৱস্থা কৰা হৈছিল প্ৰশাসনৰ নিৰ্দেশনাত । ইয়াৰ ওপৰিও নিৰ্ধাৰণ কৰা হ'ল যাত্ৰী সমূহৰ বাবে নতুন ভাড়া । এই ভাড়াৰ বিপৰিতে এক নতুন যন্ত্ৰৰ সহায়ত যাত্ৰীসকলে লাভ কৰিলে টিকট । যি টিকটত উল্লেখ কৰা থাকে যাত্ৰীগৰাকীৰ যাত্ৰাৰ তাৰিখ, টিকট কটা সময়, মূল্য আৰু গন্তব্যস্থানৰ নাম । ১ নৱেম্বৰৰ পৰা জাৰী হোৱা এই নিয়ম পালন নকৰা বহু কেইখন চিটি বাছক বিহা হৈছিল জৰিমনা । কেৱল পালন নকৰাই নহয় বৰং গন্তব্যস্থান, মূল্য ভুলকৈ ছপা কৰা বাছ সমূহেও ২ হাজাৰ টকাকৈ জৰিমনা আদায় কৰিছিল ।

ভাৰতবৰ্ষ খাটি খোৱা জনতাৰ দেশ, দেশৰ ১৩৯ কোটি জনসংখ্যাৰ এক বৃহৎ অংশ জড়িত দৈনিক মজুৰীৰ সৈতে । গুৱাহাটী মহানগৰীৰো বহু চিটি বাছত কৰ্মৰত ড্ৰাইভাৰ অথবা কণ্ডাক্টৰ জনো দৈনিক মজুৰীৰ বিনিময়ত শ্ৰম দান কৰা লোকসকলৰে অন্তৰ্গত । তেনেস্থলত এই কঠোৰ নিয়ম সমূহে দৈনিক মজুৰীৰ বিনিময়ত শ্ৰমদান কৰা লোক সকলৰ জীৱন নিৰ্বাহত পেলাব পৰা প্ৰভাৱৰ কথা অনুধাৱন কৰে নে প্ৰশাসনে ? এই প্ৰশ্ন উত্থাপন হোৱাৰ অন্তৰালত আছে বহু কথা ।

মহানগৰীৰে ৰাধা গোবিন্দ বৰুৱা ৰাজপথত চলালচল কৰা এখন নিৰ্দিষ্ট চিটি বাছৰ কণ্ডাক্টৰ গৰাকী নিৰক্ষৰ । বিগত ২৭ বছৰে কণ্ডাক্টৰ হিচাপে কৰ্মৰত ব্যক্তি গৰাকী । হয়তো সলনি কৰিছে চিটিবাছৰ ঠিকনা কিন্তু একেই আছে জীৱিকা নিৰ্বাহৰ উপায় । প্ৰায় ৯ বছৰ বয়সতেই উপাৰ্জনৰ বাবে মহানগৰীলৈ অহা ব্যক্তি গৰাকীৰ আছিল ৬ জনকৈ সহোদৰ । চৰম দুৰ্ভিক্ষৰ মাজত শৈশৱ কটোৱাৰ পাছত উপাৰ্জনৰ পৰিৱৰ্তে আন উপায় নাছিল ব্যক্তি গৰাকীৰ হাতত । তেনে অৱস্থাত শিক্ষাতকৈ প্ৰয়োজনীয় হৈছিল ভাতমুঠি । কোনোদিন বিদ্যালয়ৰ বাকৰিও গচকি নোপোৱা ব্যক্তিজনে এতিয়া যন্ত্ৰটিত ইংৰাজীত টিকট কাটিব লগীয়া হৈছে যাত্ৰীসকলৰ বাবে । যাৰ ফলত নিৰ্দেশনা জাৰী কৰাৰ এমাহৰ পাছতো যাত্ৰীসকলৰ সহায়তহে টিকট এটি ছপা কৰিব পাৰে কণ্ডাক্টৰজনে । ইয়াৰ মাজতেই ছপা টিকটটোত থকা ভুলৰ বাবে প্ৰশাসনক জৰিমনাও আদায় কৰিছে তেখেতে ।

আনহাতে, বহু কেইখন চিটি বাছে আজিকোপতি যাত্ৰীক দিয়া নাই টিকট । ছপা নোহোৱা টিকটৰ বিনিময়ত লাভ কৰা ধন সম্ভৱত কণ্ডাক্টৰৰ ওপৰঞ্চি লাভ ।

এনে চূড়ান্ত অনিয়মৰ মাজত চলাচল হৈ আছে মহানগৰীৰ চিটিবাছ সমূহ । কিন্তু এই দুয়োটা ঘটনাই জানো ঢুকি পাব প্ৰশাসনক ? বিবেচনা কৰি চোৱা হ'ব নে ইচ্ছাকৃত আৰু অনিচ্ছাকৃত ভুলৰ মাজৰ পাৰ্থক্য ? এই সমূহ আসোৱাহঁ পূৰ্ণ ব্যৱস্থা শুদ্ধ কৰাৰো নিশ্চয়কৈ আছিল অৱকাশ । প্ৰথমটি সপ্তাহ যন্ত্ৰটি পৰিচালনাৰ বাবে দিব পৰা গ'ল হৈ প্ৰশিক্ষণ... নে টোগলকী শাসন ব্যৱস্থাৰে এক অংশ আধুনিক নীতি নিয়ম সমূহ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in