সাতামপুৰীয়া পৰম্পৰা ৰক্ষা কৰি শ্রীশ্রী বটদ্রৱা থানত গোসাঁই 'বা' দিয়া পৰ্ব

১৬৫৬ খৃষ্টাব্দত আই কনকলতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা বৰ্তমানলৈকে চলি থকা এই অনুপম ঐতিহ্যময় পৰম্পৰা

author-image
Asomiya Pratidin
New Update
সাতামপুৰীয়া পৰম্পৰা ৰক্ষা কৰি শ্রীশ্রী বটদ্রৱা থানত গোসাঁই 'বা' দিয়া পৰ্ব

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি পহিলা ব’হাগ। পৰম্পৰা অনুসৰি আজিৰ এই দিনটো সমগ্ৰ ৰাজ্যতে মানুহ বিহু হিচাপে উদযাপন কৰা হয়।

Advertisment

পহিলা ব'হাগৰ দিনটোতেই ৫০০ বছৰীয়া স্বকীয় পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱাত বিশেষ পাৰ্বন অনুষ্ঠান অনুষ্ঠিত হয় । পৰম্পৰা আনুসৰি গৰুৰ বিহুৰ পিছ দিনা অৰ্থাৎ বছৰৰ প্রথম দিনটোত শ্রীশ্রী বটদ্রৱা থানত গোসাইক বিছনীৰে ‘বা’ দিয়া হয়।

সন্ধিয়া মাঙ্গলিক বাদ্য ডবা, কাহ, শংখ আদিৰ ধ্বনিৰ লগে লগে সত্রৰ ভক্ত বৈষ্ণবে কীৰ্তন ঘৰৰ মনিকূট, গুৰু আসনত গোসাইক 'বা' দিয়ে আৰু ইয়াৰ লগে লগেই উত্তৰ আৰু দক্ষিণ পদশিলাতো সম্পন্ন কৰে এই গোসাঁই বা দিয়া অনুপম পৰম্পৰা।

উল্লেখ্য যে পহিলা ব’হাগৰ দিনা গোসাঁইক ‘বা’ দিয়া পৰম্পৰা সম্পন্ন নোহোৱা পৰ্যন্ত তথা গোসাঁইক ‘বা’ দিয়াৰ আগত বটদ্রৱাবাসী ৰাইজে কোনো কাৰণত বিচনী, পাংখা ব্যবহাৰ নকৰে। ১৬৫৬ খৃষ্টাব্দত আই কনকলতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা বৰ্তমানলৈকে চলি থকা এই অনুপম ঐতিহ্যময় পৰম্পৰাৰ সাক্ষী হৈ একান্ত মনে ঈশ্বৰৰ উপাসনা কৰিবলৈ আজি সন্ধিয়া বহু ভক্ত বৈষ্ণৱ আজি বটদ্ৰৱা থানত উপস্থিত থাকে।

Also Read: পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বাইহাটা চাৰিআলিত প্ৰতিক্ৰিয়া

Bohag Bihu