/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/65f0ae8c-bdf8-4428-a6b4-59ab03d3b056/keshab_bapa.jpg)
ডিজিটেল সংবাদ,চিৰাং : বড়োলেণ্ড বিজ্ঞান শিক্ষা প্ৰকল্পৰ উদ্বোধন। বিটিআৰ এলেকাত আধুনিক বিজ্ঞান শিক্ষাৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিটিচি প্ৰশাসনৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু আগস্ত্যা ইন্টাৰনেচনেল ফাউণ্ডেশ্বনৰ সহযোগত শুকুৰবাৰে বড়োলেণ্ড বিজ্ঞান শিক্ষা প্ৰকল্প কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a86a04e8-91f3-47f2-903b-90d59a844130/e3e4d800_186f_49ab_94e3_658e56a680de.jpg)
চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ বিনোদন প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বড়োলেণ্ড বিজ্ঞান শিক্ষা প্ৰকল্পৰ শুভাৰম্ভ কৰে অসমৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে। বড়োলেণ্ড বিজ্ঞান শিক্ষা প্ৰকল্পৰ অধীনত ৯ খন ভ্ৰাম্যমাণ বিজ্ঞান পৰীক্ষাগাৰ আৰু আৰু ক্ষুদ্ৰ বিজ্ঞান পৰীক্ষাগাৰৰ কিট কঢ়িয়াই ল'ব পৰা ১৮ খন মটৰচাইকেল আৰু স্কুটি মুকলি কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/225606d3-1629-4a87-b108-d067b07c71a1/111f1819_06c4_4f0f_a530_961a869ef629.jpg)
আনুষ্ঠানিকভাৱে মুকলি কৰা ভ্ৰাম্যমাণ বিজ্ঞান পৰীক্ষাগাৰ বাহনসমূহ বিটিআৰ এলেকাৰ ৯ টা মহকুমাৰ ৩৪০ খন শিক্ষানুষ্ঠান সামৰি ছাত্ৰ-ছাত্ৰীসকলক আধুনিক বিজ্ঞান শিক্ষাৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়াৰ লক্ষ্য ৰখা হৈছে। য'ত ৪০ গৰাকী উচ্চ শিক্ষিত যুৱক-যুৱতীক বিজ্ঞানৰ প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক আকৰ্ষণীয় বিজ্ঞান বিষয়ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b051f9ab-76ae-44dc-90eb-75ca2f27e7a3/c5ef4da2_a565_4870_9ae8_9aa30bfc73e3.jpg)
প্ৰদৰ্শনীত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ বিজ্ঞানৰ মডেলসমূহ প্ৰদৰ্শন কৰে, যি প্ৰদৰ্শনীয়ে উপস্থিত লোক সকলৰ দৃষ্টি আকৰ্ষণ কৰে । অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ ৪খন জিলাৰ শিক্ষা বিষয়া, মূৰব্বী শিক্ষক-শিক্ষয়িত্ৰী লগতে ছাত্ৰ ছাত্ৰীসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b3e0d495-ceff-4c1e-a8c4-d98e4e6936ff/b886ab3a_32c7_445d_9246_153d949f58ef.jpg)
উদ্বোধনী অনুষ্ঠানত বড়োলেণ্ড বিজ্ঞান শিক্ষা প্ৰকল্পৰ ৰূপায়ণকাৰী সংস্থা আগস্ত্যা ইন্টাৰনেচনেল ফাউণ্ডেশ্বনৰ বিষয়ববীয়াসকলৰ উপৰি গুৱাহাটী আই আই টিৰ অধ্যাপক ডঃ উদয়শংকৰ দীক্ষিত, স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী, বঙাইগাঁও শোধনাগাৰৰ কাৰ্য্যবাহী সঞ্চালক নয়ন কুমাৰ বৰুৱা, উপায়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডীৰ উপৰি বহুকেইজন আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকে ।
Also Read: গুৱাহাটী দৃষ্টিহীন উঃ মাঃ বিদ্যালয়ৰ প্ৰীতি সন্মিলন : মুকলি সভাত উপস্থিত জয়ন্ত বৰুৱা