হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা হ'ব?

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লোকসভা নিৰ্বাচনৰ মাজতেই ঘোষণা কৰিব বুলি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সদৰি কৰিছিল।

author-image
Asomiya Pratidin
New Update
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা হ'ব?

ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লোকসভা নিৰ্বাচনৰ মাজতেই ঘোষণা কৰিব বুলি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সদৰি কৰিছিল। শেহতীয়াকৈ ২০ এপ্ৰিলতে এই ফলাফল ঘোষণা হ'ব বুলি ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ চলে। ফলত শিক্ষাৰ্থী আৰু অভিভাৱকসকল প্ৰকৃত সত্য জানিবলৈ উৎকণ্ঠিত হৈ পৰে।

Advertisment

অসমীয়া প্ৰতিদিন ডিজিটেলে এই উৎকণ্ঠাৰ অন্ত পেলাবলৈ ছেবা আৰু শিক্ষা বিভাগৰ উচ্চস্তৰীয় সূত্ৰৰ সৈতে যোগাযোগ কৰাত এই সূত্ৰসমূহে পিছে ২০ এপ্ৰিলত ফলাফল ঘোষণাৰ প্ৰচাৰিত খবৰ তথ্য আধাৰিত নহয় বুলি স্পষ্ট কৰি দিয়ে। সূত্ৰসমূহে সদৰি কৰা মতে তেওঁলোকে দুই এদিনৰ ভিতৰতে ফলাফল ঘোষণাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও ২০ তাৰিখে এই ফলাফল ঘোষণা কৰিব পৰাকৈ সাজু হৈ উঠা নাই। অৱশ্যে এই কথাও স্পষ্ট কৰা হয় যে অহা দুই এদিনৰ ভিতৰতে এই ফলাফল ঘোষণাৰ পূৰ্ণ সম্ভাৱণা আছে।

উল্লেখযোগ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৯১৩ টা পৰীক্ষা কেন্দ্ৰত মুঠ ৪ লাখ ২৭ হাজাৰ ৯২২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ছেবাৰ সূত্ৰ অনুসৰি যিমান পাৰি সোনকালে ফলাফল ঘোষণা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব।

Also Read: অকলে বাস কৰিছিল এগৰাকী বৃদ্ধাই, উদ্ধাৰ উৱলি যোৱা মৃতদেহ

seba hslc