ভোটদানৰ হাৰ লক্ষ্য কৰি লুৰীণজ্যোতিয়ে কি ক'লে 'অসমীয়া প্ৰতিদিন'ক...

ভোটদানৰ হাৰ লক্ষ্য কৰি লুৰীণজ্যোতিয়ে কি ক'লে 'অসমীয়া প্ৰতিদিন'ক...

author-image
Asomiya Pratidin
New Update
ভোটদানৰ হাৰ লক্ষ্য কৰি লুৰীণজ্যোতিয়ে কি ক'লে 'অসমীয়া প্ৰতিদিন'ক...

ডিজিটেল ডেস্কঃ গ্ৰামাঞ্চলৰ ভোটাৰৰ পাৰভঙা উছাহত উৎফুল্লিত লুৰীণজ্যোতি গগৈ। ১বজাত টেলিফোনযোগে অসমীয়া প্ৰতিদিনক কয়- ‘’প্ৰতিখন নিৰ্বাচনী সভাত মই ৰাইজক সদবলে ওলাই আহি ভোটদান কৰিবলৈ আহ্বান জনাইছিলো। মই কৈছিলো আমাৰ ৰাইজে ৰ'দ দিলে বা বৰষুণ দিলে ভোট দিবলৈ কমকৈ আহে আৰু দীঘলীয়া শাৰী দেখিলেও ভোটদানৰ পৰা বিৰত থাকে। এনে মনোভাব পৰিহাৰ কৰি যদি গাঁৱৰ ৰাইজে ভোট দিয়ে;তেনেহলে স্বয়ং নৰেন্দ্ৰ মোডী আহি প্ৰচাৰ চলালেও বিৰোধী প্ৰাৰ্থীৰ জয় অনিবাৰ্য।

Advertisment

আজি পুৱা ৭-০০বজাৰ পৰাই ৰাইজৰ সহাঁৰি দেখি মই অনুভৱ কৰিছো, ৰাইজে মোৰ আহ্বানৰ প্ৰতি জনোৱা এই সহাঁৰি মোৰ প্ৰতি প্ৰকাশ কৰা আস্থাৰে প্ৰতিফলন। সেয়েহে ৰাইজৰ আশীৰ্বাদ মই পাইছোৱেই লগতে ভগৱানৰো আশীষ পালে মোৰ জয় নিশ্চিত। ‘’

অৱশ্যে প্ৰাৰ্থীগৰাকীয়ে কৰা এই মন্তব্য সচাঁ প্ৰমাণিত কৰি ডিব্ৰুগড় সমষ্টিত ৮০শতাংশ ওপৰৰ ভোটদান হোৱাৰ আশা কৰা হৈছে যদিও সেই ভোটৰ কিমান শতাংশ তেওঁ লাভ কৰে তাৰ প্ৰকৃত ছবিখন ৪জুনতহে পৰিস্ফুট হ’ব।

ইয়াৰ বিপৰীতে আজি কলাইগাঁৱত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৫আসনেই বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে। কেৱল সেয়াই নহয় অসমৰ লোকসভা নিৰ্বাচনৰ ধুবুৰীক বাদ দি ১৩সমষ্টিয়েই বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে।

Also Read: তামুলপুৰত ৩৫ সংখ্যক উলুবাৰী আঞ্চলিক ব’হাগী উৎসৱ আৰম্ভ

LURIN JYOTI GOGOI election2024