/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a2030be9-cdb6-4366-ac88-2e217da3d91e/0e7ccbd0_d077_4f4d_b824_355718cb67f4.jpg)
ডিজিটেল সংবাদ,তামুলপুৰঃ তামুলপুৰ জিলাৰ বৃহত্তৰ উলুবাৰী অঞ্চলৰ ৰাইজৰ উদ্যোগত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৩৫ সংখ্যক উলুবাৰী আঞ্চলিক ব’হাগী উৎসৱ। আজি পুৱা বিহুৰ পতাকা উত্তোলন কৰে বহাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি বিজিৎ গৗৰা নাৰ্জাৰী আৰু স্থায়ী সমিতিৰ সভাপতি দেৱেন দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b2879ef3-3e71-4ace-8305-0e3492d4b9e2/a25cd17d_5336_42fa_a0da_ac8b61d0e637.jpg)
মূল পতাকাৰ লগতে আন পতাকাসমূহ উত্তোলন কৰে বিশিষ্ট লোকসকলে ৷ স্মৃতি তৰ্পন কৰে ৩৫ সংখ্যক উলুবাৰী আঞ্চলিক ব’হাগী উৎসৱ উদযাপন সমিতিৰ সম্পাদক ৰূপম দাসে ৷
প্ৰায় ১১-০০ বজাত প্ৰয়াত প্ৰসন্ন দাস সোঁৱৰণী মুখ্য তোৰন মুকলি কৰে বিটিআৰৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাই ৷ অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়া পৌৰসভাৰ উপ সভাপতি বিদ্যুৎ ডেকা প্ৰমুখ্যে উলুবাৰী অঞ্চলৰ ৰাইজ ৷
উদযাপন সমিতিয়ে জনোৱা অনুসৰি দিনৰ ভাগত মহিলা আৰু শিশু, কন-কন ছাত্ৰ-ছাত্ৰীৰ মাজত খেল ধেমালি, ভেশচন, কুইজ আবৃত্তি আদি প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে সন্ধিয়া বন্তি প্ৰজলন আৰু নিশা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ব। আনহাতে শনিবাৰে দিনৰ ভাগত গছপুলি ৰোপন, বঁটা বিতৰণী অনুষ্ঠান, কৃতি ছাত্ৰ -ছাত্ৰীৰ লগতে দাতাসকলক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/5ace9678-67ba-4445-b051-ba06935c1c30/948e289c_2142_438f_8b25_f585584ce94e.jpg)
ইফালে উক্ত দিনটোতে সন্ধিয়া আমন্ত্ৰিত বিহুৱা দলৰ বিহু নৃত্য পৰিবেশন, নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ আয়োজন কৰাৰ কথা উল্লেখ কৰে ৷ সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব বিধায়ক জলেন দৈমাৰীয়ে ৷
সন্ধিয়া মঞ্চত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সমাজকৰ্মী মজিৱ আলী, বিটিচিৰ প্ৰাক্তন ই এম দেবেন বড়ো ,বিজেপি দলৰ তামুলপুৰ জিলাৰ সভাপতি ভিক্টৰ কুমাৰ দাস।
Also Read: উদীয়মাণ কবি অলকেশ কলিতা আৰু নাই