/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/5e598a37-a5b8-4f0c-a418-eebde4d7f3d8/b300db71_307c_47a3_ad32_6c61d9751b1c.jpg)
টিহুৰ পশ্চিম নান্নাট্টাৰী অষ্টম বাৰ্ষিক সভা মহোৎসৱ সমাপন...
ডিজিটেল সংবাদ, নলবাৰী : সংস্কৃতিৰ চৰ্চাই মানুহক প্ৰাণৱন্ত কৰি ৰাখে। সেয়ে সকলো লোকে নিজৰ নিজৰ স্বকীয় সংস্কৃতি চৰ্চা কৰিব লাগে। ইয়াৰ দ্বাৰা একোটা অঞ্চলৰ মান উন্নত হয়। ’ভুল নুবুজিবা ভূপেনাদা’ শীৰ্ষক আৱাহন থিয়েটাৰৰ বহুল জনপ্ৰিয় নাটখনৰ নেপথ্য গায়ক হিচাপে বিশেষ খ্যাতি অৰ্জন কৰা বিশিষ্ট কণ্ঠশিল্পী জিতেন শৰ্মাই নিশা সমাপন হোৱা নলবাৰী জিলাৰ টিহুৰ অষ্টম বাৰ্ষিক পশ্চিম নান্নাট্টাৰী সভা মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰি এইদৰে কয়।
এই উপলক্ষে চম্পক কলিতাই আঁত ধৰা অনুষ্ঠানটিত অতিথি হিচাপে ভাগ লৈ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক, শিক্ষাব্ৰতী পংকজ বেজবৰুৱাই কয় যে মেটমৰা সম্ভাৰেৰে পৰিপূৰ্ণ আমাৰ গ্ৰামাঞ্চলবোৰৰ বিভিন্ন সংস্কৃতিৰ জৰিয়তে আমাৰ মাজত থকা ঐক্য-সংহতি শক্তিশালী হৈ থাকে। টিহু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ হেমেন ৰাজবংশীয়ে সংস্কৃতিৰ মণি মুকুতিবোৰ গাঁও অঞ্চলত থাকে আৰু সভা মহোৎসৱবোৰে একোটা অঞ্চলক বিশেষভাৱে পৰিচিত কৰায় বুলি দোহাৰে।
সভা মহোৎসৱ উদ্যাপন সমিতিৰ সভাপতি দশৰথ মজুমদাৰ, কাৰ্যকৰী সভাপতি ৰাজেন মজুমদাৰ, সম্পাদক কমল মজুমদাৰ, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অনিৰুদ্ধ ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক সূৰ্য কুমাৰ ডেকা, শিক্ষক ভৱেন্দ্ৰনাথ কলিতা, শিক্ষাব্ৰতী অঞ্জন মিশ্ৰ, জালিখাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ দিবাকৰ শৰ্মা, লেখিকা-প্ৰধান শিক্ষয়িত্ৰী জুনু গোস্বামী, নীলিমা ৰায় মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিনোদ চক্ৰৱৰ্তী, যোগমায়া কলিতা, অনুপম ডেকা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট লোকে ভাগ লোৱা এই অনুষ্ঠানৰ পাছতে বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান হয়। ইয়াৰ পৰৱৰ্তী সময়ত নাট্যাভিনয় প্ৰদৰ্শন কৰোৱা হয়।
উল্লেখযোগ্য যে টিহুৰ পশ্চিম নান্নাট্টাৰী গোসাঁইঘৰত তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে আয়োজিত এই সভা মহোৎসৱ দেওবাৰে নিশা সফল সামৰণি পৰে। বিগত তিনিদিনত সভা মহোৎসৱ উদ্যাপন সমিতিৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি জ্বলোৱা, গছপুলি ৰোপণ, গোসাঁইৰ বিগ্ৰহসহ ভাগৱত শোভাযাত্ৰা, অসমীয়া গীতৰ আধাৰত একক নত্য প্ৰতিযোগিতা, গুৰুবন্দনা, ভাগৱত পাঠ, হোম যজ্ঞ, সমূহীয়া নাম কীৰ্তন, মুকলি প্ৰশ্ন মঞ্চ, মহিলাৰদ্বাৰা বীৰনাম আৰু যাত্ৰাদলৰ দ্বাৰা নাট্যাভিনয় প্ৰদৰ্শন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
Also Read: ৰঙিয়া বি এড কলেজৰ প্ৰেক্ষাগৃহত 'সৰাপাতত ফাগুনৰ চিঠি' শীৰ্ষক কাব্যানুষ্ঠান...