ৰঙিয়া বি এড কলেজৰ প্ৰেক্ষাগৃহত 'সৰাপাতত ফাগুনৰ চিঠি' শীৰ্ষক কাব্যানুষ্ঠান...

ৰঙিয়া বি এড কলেজৰ প্ৰেক্ষাগৃহত 'সৰাপাতত ফাগুনৰ চিঠি'  শীৰ্ষক কাব্যানুষ্ঠান...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত ৰবিবাৰে সৰাপাতত ফাগুনৰ চিঠি শীৰ্ষক এখনি কাব্যানুষ্ঠান অনুষ্ঠিত হয় । অসম সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ ৰঙিয়া আলোচনী সভাৰ উদ্যোগত আয়োজিত কাব্যানুষ্ঠান খনিত ৰঙিয়া, তামুলপুৰ, গোৰেশ্বৰ,বৰমা, গুৱাহাটীকে ধৰি প্ৰায় ডেৰ কুৰি কবিয়ে অংশগ্ৰহণ কৰি স‌্ব-ৰচিত কবিতা পাঠ কৰে ।

উল্লেখ্য যে ৰঙিয়াৰ বি এড কলেজৰ প্ৰেক্ষাগৃহত আলোচনী সভাৰ সম্পাদক নুৰুল আমিন আৰু কবি মুস্তাফা কামাল আহমেদে সঞ্চালনা কৰা কাব্যানুষ্ঠান খনিত আৰম্ভণিতে অসম সাহিত্য সভাৰ "চিৰ চেনেহী মোৰ ভাষা জননী " গীত পৰিৱেশন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ৰঙিয়াৰ শিল্পীসকলে ।

তাৰ পাছত কাব্যানুষ্ঠান খনৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক নুৰুল আমিনে কয় কবিতা মানুহৰ এক বিস্তাৰিত চেতনা, কবিতা লিখিলেও তাৰ যুদ্ধ কেতিয়াও শেষ নহয় । আজিও মানুহ জীয়াই আছে কবিতাৰ বাবে,লিখি গৈছে কবিতা, কেৱল সমাজৰ ঘৃণাবিহীন বা যুদ্ধবিহীন পৃথিৱী বিচাৰি ।

কবিসকলক এখন মঞ্চ তৈয়াৰ কৰাই এক গুৰু দায়িত্ব বুলি উল্লেখ কৰে । ইফালে কাব্যানুষ্ঠান খনিত উত্তৰ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° নীলোৎপল শৰ্মাই উপস্থিত থাকি " আধুনিক কবিতাৰ নিৰ্মাণ" শীৰ্ষক এলানি বক্তৃতা আগবঢ়ায় । শেষত সাহিত্য অকাডেমী বঁটা প্ৰাপক কবি দ্বিজেন দাস, শিশু সাহিত্যিক ভূপেন চন্দ্ৰ দাসে কবিতাৰ বিষয়বস্তু আৰু সাহিত্য চৰ্চাৰ ওপৰত গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে আলোকপাত কৰে ।

ৰঙিয়া বি এড কলেজৰ প্ৰেক্ষাগৃহত 'সৰাপাতত ফাগুনৰ চিঠি'  শীৰ্ষক কাব্যানুষ্ঠান...
শিশু যৌন নিৰ্যাতনকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in