/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/57501550-d460-49c2-927b-d62a97ed8473/01.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমীয়া জাতীয় লোক কৃষ্টি সংস্কৃতিক স্বকীয় পৰম্পৰাৰে উপস্থাপন কৰি যুগজয়ী ইতিহাস সৃষ্টি কৰি আহিছে পশ্চিম ঘিলামৰা বিহু উৰুৱা সন্মিলনে। বৃহত্তৰ পশ্চিম ঘিলামৰা অঞ্চলবাসী সংস্কৃতি প্ৰেমীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত ১৯৭৩ চনতে আত্মপ্ৰকাশ কৰা এই বিহু উৰুৱা সন্মিলনে চলিত বৰ্ষত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে।
বিগত অৰ্ধ শতিকা জোৰা এই বৰ্ণিল পৰিক্ৰমাৰ সশ্ৰদ্ধ স্মৰণৰ উদ্দেশ্যেৰে পশ্চিম ঘিলামৰাবাসী ৰাইজে এই সোণালী জয়ন্তী বৰ্ষতো উদযাপনৰ মনস্থ কৰি মঙ্গলবাৰে ইয়াৰে প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰে। সংস্কৃতি প্ৰেমী ৰাইজে মঙ্গলবাৰে বিয়লি পশ্চিম ঘিলামৰাৰ খেল পথাৰত সমবেত হৈ সোণালী জয়ন্তীৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে। পশ্চিম ঘিলামৰা যুৱ সংঘৰ সৌজন্যত অহা ১২ ,১৩, আৰু ১৪ মে'ত তিনি দিনীয়া কাৰ্যসূচীৰে অনুস্থিতব্য এই সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া ,
কৰ্মকর্তা , সংস্কৃতিপ্ৰাণ ৰাইজৰ উপস্থিতিত জয়ন্তীৰ মুখ্য কাৰ্যালয় উদ্বোধন অনুষ্ঠান উপলক্ষত আয়োজিত সভাৰ প্ৰথম কাৰ্যসূচী সোণালী জয়ন্তী উৎসৱ আৰু পশ্চিম ঘিলামৰা যুৱ সংঘৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰবীণ বৰুৱা আৰু যুৱ সংঘৰ উপ সভাপতি নীলমণি গোঁহাইয়ে। ইয়াৰ পাছতে নৱ নিৰ্মিত যুৱ সংঘৰ স্থায়ী ও সোণালী জয়ন্তী উৎসৱৰ মুখ্য কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বলি চৰণ গগৈয়ে ।
বৃহত্তৰ অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক বৃদ্ধ বৃদ্ধা, পুৰুষ মহিলা, যুৱক যুৱতীৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি প্ৰবীণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত উদযাপন সমিতিৰ সম্পাদক দিলীপ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰে। সভাত বলি চৰণ গগৈ , দিলীপ বৰা , অমিয় বৰুৱা , যোগানন্দ গগৈ আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু নাগৰিকে বক্তব্য আগবঢ়াই । প্ৰায় ২০.লাখ টকাৰ এক বাজেট গ্ৰহণ কৰি সভাই ৰঞ্জিতা চেতিয়াৰ সম্পাদনাত "চামপৰা" নামৰ এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰো সৰ্ব সন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আৰু পঢ়ক : ৰাছিয়াৰ হৈ যুদ্ধত অংশ ল'বলৈ বাধ্য কৰোৱা হৈছে এছিয়াৰ শ্ৰমিকক