জামুগুৰিহাটৰ ইটাখোলাত গাঞ্জা সহ আটক এজন

আৰক্ষীয়ে ১০কেজি. ২০০ গ্ৰাম গাঞ্জাসহ এজন সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ ইটাখোলাত গাঞ্জা সহ আটক এজন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলা কেন্দ্ৰত বুধবাৰে আৰক্ষীয়ে ১০কেজি. ২০০ গ্ৰাম গাঞ্জাসহ এজন সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয়। ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই গোপন সুত্ৰৰ পম খেদি চতিয়া আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই ইটাখোলা ব্যৱসায় কেন্দ্ৰৰ সমীপতে গাঞ্জাসহ আটক কৰে গাঞ্জা সৰবৰাহকাৰী বিক্ৰম বসুমতাৰী(২৯) নামৰ যুৱক জনক।

Advertisment

আৰক্ষী সূত্ৰে জানিব পৰা মতে আটক কৰা গাঞ্জা সৰবৰাহকাৰীটোৱে ওদালগুৰি জিলাৰ পৰা গাঞ্জাখিনি লৈ ইটাখোলা অঞ্চলত বিক্ৰীৰ যো জা চলাইছিল।সম্প্ৰতি ইটাখোলা আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী যুৱক বিক্ৰম বসুমতাৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

Also Read: হাওৰাঘাটৰ জৰাজীৰ্ণ বাট-পথ মেৰামতিৰ আহ্বান স্থানীয় ৰাইজৰ

Assam police