
ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ জৰাজীৰ্ণ বাট পথবোৰ অতি শীঘ্ৰে মেৰামতিৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে । উল্লেখ্য যে নিৰ্বাচিত এখন চৰকাৰ তথা বিভাগ থকাৰ পিছতো হাওৰাঘাট নগৰৰ প্ৰায়বোৰ বাট পথবোৰ অতি শোচনীয় আৰু জৰাজীৰ্ণ ৰূপ লৈ যাতায়তৰ ক্ষেত্ৰত অনুপযোগী হৈ পৰিছে ।
কিয়নো এজাক বৰষুণৰ ফলতেই বাট-পথবোৰ পুখুৰী সদৃশ খালৰ সৃষ্টি হৈ ছাত্ৰ-ছাত্ৰীসকলে স্কুল কলেজলৈ আৰু ৰোগীসকল তথা স্থানীয় ৰাইজৰ অহা-যোৱাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে । সেয়ে হাওৰাঘাট নগৰ আৰু অঞ্চলটোৰ সমূহ বাট পথবোৰ অতি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰী,ৰোগী তথা জনসাধাৰণৰ বাবে যাতায়তৰ ক্ষেত্ৰত সুচল কৰি দিবৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছে স্থানীয় ৰাইজে ।