অহা ৫ দিনত ভ্ৰমণৰ পৰিকল্পনা আছে নেকি? সাৱধান আহি আছে ধুমুহা...

বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ ৰাজ্যতে জাৰি কৰিছে সতৰ্কবাণী
অহা ৫ দিনত ভ্ৰমণৰ পৰিকল্পনা আছে নেকি? সাৱধান আহি আছে ধুমুহা...

ডিজিটেল ডেস্কঃ আগন্তুক ৫ দিনত অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ নাযাব। এই সময়ছোৱাত পাৰিলে দীঘলীয়া যাত্ৰা পৰিহাৰ কৰক। কিয়নো যিকোনো সময়তে বিপদত পৰিব পাৰে আপুনি।

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে আগন্তুক ৫ দিনৰ বতৰৰ আগলি বতৰা। সেই অনুসৰি ৰাজ্যৰ প্ৰতিখন জিলাতে এই দিন কেইটাত বিজুলী, ধেৰেকনিৰ সৈতে ধাৰাসাৰ বৰষুণ অহাৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে।

আগন্তক ৫ টা দিনত কেৱল অসমতেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ বাকী কেইখন ৰাজ্যতো বতৰে উগ্ৰৰূপ ধাৰণ কৰিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ঘণ্টাত প্ৰায় ৫০ কিলোমিটাৰ বেগত আহিব ধুমুহা। গতিকে এই সময়ছোৱাত এখন জিলাৰ পৰা আন এখন জিলালৈ অথবা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্য ভ্ৰমণৰ যদি পৰিকল্পনা আছে তেন্তে পুনৰ এবাৰ বিবেচনা কৰক।

অহা ৫ দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ উত্তৰ পূঞ্চালতে জাৰি কৰিছে হালধীয়া সতৰ্কবাণী। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৯ মে’ত মাজুলী, যোৰহাট, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, হোজাই আৰু নগাওঁ জিলাক বাদ দি বাকী আটাইকেইখন জিলাতে জাৰি কৰিছে হালধীয়া সতৰ্কবাণী।

৯ মে’ৰ পৰা ১৩ মে’লৈ ধুবুৰী, দক্ষিণ শালমৰা-মানকাচৰ, চিৰাং, বাক্সা, ৱেষ্ট কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত আছে হালধীয়া এলাৰ্ট।

উপৰোক্ত জিলা কেইখনৰ উপৰিও বাকী সকলো ১০ ৰ পৰা ১১ মে’ত গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, বঙাইগাওঁ, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ, নগাওঁ, হোজাই, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত আছে হালধীয়া সতৰ্কবাণী।

ইয়াৰোপৰি ১২, ১৩ আৰু ১৪ মে’ত উজনি, নামনি আৰু মধ্য অসমৰ কেইবাখনো জিলাত আছে অনুৰূপ সতৰ্কবাণী। একেদৰে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ডতো আছে অসমৰ দৰেই সতৰ্কবাণী। এই সময়ছোৱাত ৰাজ্য কেইখনৰ ঘণ্টাত ৫০ কিলোমিটাৰ পৰ্যন্ত বেগত ধমুহা অহাৰ সম্ভাৱনা আছে।

অহা ৫ দিনত ভ্ৰমণৰ পৰিকল্পনা আছে নেকি? সাৱধান আহি আছে ধুমুহা...
নিৰ্বাচনৰ পাছতে দেশৰ বহু ক্ষুদ্ৰ আঞ্চলিক দল চামিল হ'ব কংগ্ৰেছত ! শাৰদ পাৱাৰে দিলে ইংগিত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in