অৰুণাচল প্ৰদেশৰ ভাৰতৰ অবিচ্ছেদ্য অংগ, চীনৰ নহয়ঃ আমেৰিকা যুক্তৰাষ্ট্ৰ

আমেৰিকা যুক্তৰাষ্ট্ৰই মেকমোহন লাইনক চীন আৰু অৰুণাচল প্ৰদেশৰ মাজত আন্তৰ্জাতিক সীমা হিচাপে স্বীকৃতি দিয়ে। এক দ্বিদলীয় চিনেট প্ৰস্তাৱত কোৱা হয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংশ ।

author-image
Asomiya Pratidin
New Update
অৰুণাচল প্ৰদেশৰ ভাৰতৰ অবিচ্ছেদ্য অংগ, চীনৰ নহয়ঃ আমেৰিকা যুক্তৰাষ্ট্ৰ

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰই মেকমোহন লাইনক চীন আৰু অৰুণাচল প্ৰদেশৰ মাজত আন্তৰ্জাতিক সীমা হিচাপে স্বীকৃতি দিয়ে। এক দ্বিদলীয় চিনেট প্ৰস্তাৱত কোৱা হয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংশ ।

Advertisment

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই সাংসদে অৰুণাচল প্ৰদেশৰ বিষয় সন্দৰ্ভত ভাৰতক সমৰ্থন কৰি এক দ্বিদলীয় বিধেয়ক উত্থাপন কৰে। এই বিধেয়কখনত অৰুণাচল প্ৰদেশক ভাৰতৰ এক অবিচ্ছেদ্য অংগ হিচাপে বৰ্ণনা কৰা হৈছে। বিধেয়কখন অৰেগনৰ আইন প্ৰণেতা জেফ মাৰ্কেল আৰু বিল হেগৰ্টিয়ে উত্থাপন কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ কাৰ্যবাহী আয়োগৰ সহ-সভাপতি চিনেটৰ জেফ মাৰ্কেলীয়ে কয় যে আমেৰিকাই সমগ্ৰ বিশ্বতে স্বাধীনতা আৰু আইন-আধাৰিত কথা সমৰ্থন কৰে। এই প্ৰস্তাৱে স্পষ্ট কৰে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ , চীনৰ নহয়। চীনৰ আক্ৰমণক সমালোচনা কৰা হয় আমেৰিকাৰ সাংসদত।

বিল হেগৰ্টিৰ মতে, চীনে ভাৰতৰ স্বাধীনতাৰ প্ৰতি ভাবুকি আনি আছে গতিকে এই সময়ত আমেৰিকাই ভাৰতৰ লগ দি আগবাঢ়িব লাগে। তেওঁ লগতে আমেৰিকা আৰু ভাৰতৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব লাগে বুলিও কয়।

উল্লেখ্য যে, আমেৰিকাই মেকমোহন লাইনক ভাৰত আৰু চীনৰ মাজত আন্তৰ্জাতিক সীমান্ত হিচাপে গণ্য কৰে। আমেৰিকাই কয় যে চীনা সেনাই সীমান্ত সংগ দিয়া পৰিলক্ষিত হয়।

Also Read: অৰন্য মানৱ! গছৰ ওপৰতে বাস কৰি আহিছে ৩৫ বছৰ ধৰি...

china america india arunachal govt