মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ,শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছ আৰু মনিপুৰ আৰক্ষীয়ে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিছে। অশান্ত জৰ্জৰ মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ খেংমোল গাঁৱত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে কেবাটাও অত্যাধুনিক মাৰণাস্ত্ৰ জব্দ কৰে।

অভিযান কালত এটা ষ্টান গান, ১২-ব’ৰ ৰ ২টা স্নিপাৰ, মেগজিনযুক্ত এটা নাইন এম এম পিষ্টল, এটা গেছ‌ ৰাইফল, মেগজিন সহ এটা থ্ৰি জিৰো থ্ৰি ৰাইফল, ছিংগল‌ ১২ ব’ৰৰ ৪ টা ৰাইফল, এটা টিয়াৰ স্মোক গ্ৰেনেড আৰু দুটা ইম্প্ৰভাইজড গধুৰ মৰ্টাৰ সহ বহু বিস্ফোৰক জব্দ কৰে।

আনহাতে,পাহাৰীয়া জিলাৰ‌ ৰাষ্ট্ৰীয় ঘাইপথেৰে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহন কৰা মালবাহী ট্ৰাক সমূহক নিৰাপত্তা প্ৰদান কৰি নিৰাপত্তা বাহিনীয়ে গন্তব্য স্থানলৈ লৈ যায়। মণিপুৰ আৰক্ষীয়ে সদৰি কৰা মতে,বৃহস্পতিবাৰে ৩৭ নং আৰু ২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ক্ৰমে ২৫৬ আৰু ১৯১ খন মালবাহী ট্ৰাক পাৰ কৰোৱা হয়।

মণিপুৰৰ বিভিন্ন জিলাত মুঠ ১২৪ টা স্থানত নাকা চেকিং বহুৱাই যান-বাহন সমূহত তালাচী চলোৱা হয়। বিভিন্ন জিলাত হিংসাত্মক ঘটনাত জৰিত থকাৰ অভিযোগত মুঠ ১০৭ লোকক আটক কৰা বুলিও সদৰি কৰে আৰক্ষীয়ে।

মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ
ডাঙৰীয়া শুনক; চিঠি আহিছে,চিঠি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in