চাকৰিলৈ আশা নকৰি তৰমুজ খেতিৰে নিদৰ্শন দাঙি ধৰিছে শিক্ষিত যুৱকৰ এটা দলে...

৩০ বিঘা মাটিত যৌথ ভাৱে তৰমুজৰ খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কাজিৰঙাৰ ১০ গৰাকী শিক্ষিত নিবনুৱা যুৱক ৷ কৃষি কৰ্মৰ বাবে চৰকাৰী পঞ্জীয়নভুক্ত এখন ফাৰ্ম গঠন কৰি যুৱককেইজনে আৰম্ভ কৰিছিল তৰমুজৰ খেতি

author-image
Asomiya Pratidin
New Update
চাকৰিলৈ আশা নকৰি তৰমুজ খেতিৰে নিদৰ্শন দাঙি ধৰিছে শিক্ষিত যুৱকৰ এটা দলে...

তৰমুজ খেতি

ডিজিটেল সংবাদ, কাজিৰঙাঃ ৩০ বিঘা মাটিত যৌথ ভাৱে তৰমুজৰ খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কাজিৰঙাৰ ১০ গৰাকী শিক্ষিত নিবনুৱা যুৱক ৷ কৃষি কৰ্মৰ বাবে চৰকাৰী পঞ্জীয়নভুক্ত এখন ফাৰ্ম গঠন কৰি যুৱককেইজনে আৰম্ভ কৰিছিল তৰমুজৰ খেতি ৷

Advertisment

কৃষি ফাৰ্ম খনলৈ কৃষি বিভাগে আগবঢ়োৱা সহযোগিতাত কৰা খেতি দৰাত এতিয়া নদনবদন হৈ পৰিছে তৰমুজ ৷ প্ৰতি বিঘাত প্ৰায় পাঁচ টনকৈ তৰমুজ উৎপাদন কৰাৰ লক্ষ্যত উপনিত হ’বলৈ সক্ষম হোৱা কৃষক সকলে সমীপৱৰ্তী নগৰ চহৰলৈ যোগান ধৰিছে উৎপাদিত ফল ৷

তদুপৰি ৰপ্তানিৰ বাবে বহিঃৰাজ্যৰ লগতো যোগাযোগ চলাইছে যুৱককেইজনে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ডোমজানৰ কৃষিভূমি বন্যজন্তু উপদ্ৰুত যদিও স্বেচ্ছাসেৱী সংগঠন ডব্লিউ ডব্লিউ এফে যোগান ধৰা সৌৰ শক্তি চালিত বৈদ্যুতিক বেৰা দি কৃষিক সুৰক্ষা দিছে ৷ উল্লেখ্য যে যুৱক কেইজনে পোন্ধৰ লাখ টকাৰ লাভৰ লক্ষ্যৰে এই খেতি আৰম্ভ কৰিছিল ।

Also Read: দৰং জিলা সাহিত্য সভাৰ এদিনীয়া কৰ্মশালা সম্পন্ন...

kaziranga Watermelon Farming