দৰং জিলা সাহিত্য সভাৰ এদিনীয়া কৰ্মশালা সম্পন্ন...

দৰং জিলা সাহিত্য সভাই ভেবাৰঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত বিদ্যালয়ৰখনৰ শিক্ষাৰ্থীৰ মাজত শনিবাৰে এখন কৰ্মশালা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
দৰং জিলা সাহিত্য সভাৰ এদিনীয়া কৰ্মশালা সম্পন্ন...

কৰ্মশালা

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলা সাহিত্য সভাই ভেবাৰঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত বিদ্যালয়ৰখনৰ শিক্ষাৰ্থীৰ মাজত শনিবাৰে এখন কৰ্মশালা অনুষ্ঠিত হয় ।

Advertisment

এনিদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাত বিদ্যালয়খনৰ প্ৰায় ৩৯গৰাকী শিক্ষাৰ্থীক চিত্ৰাঙ্কন, ২৯ গৰাকী শিক্ষাৰ্থীক নাটক আৰু ৬ গৰাকী শিক্ষাৰ্থীক আবৃত্তিৰ ওপতৰ প্ৰশিক্ষণ প্ৰদান কৰা কৰা হয় ।

কৰ্মশালাত আবৃত্তিৰ প্ৰশিক্ষক হিচাপে শিক্ষাদান কৰে দৰং জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বায়ক তথা মঙলদৈ মহাবিদ্যালয়ৰ সদ্য অৱসৰী প্ৰবক্তা মেজৰ লীনা শইকীয়াই ।

এদিনীয়া কৰ্মশালা সম্পন্ন
এদিনীয়া কৰ্মশালা সম্পন্ন

নাটক কৰ্মশালাত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ দিয়ে জেংৰাই অসমৰ নাট্য শিল্পী ৰাকেশ ডেকা,নিবেদিতা বৰুৱা আৰু হিমাশু শৰ্মাই । চিত্ৰ কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে চিত্ৰ শিল্পী আৰচিক আলম আহমেদে।

দৰং জিলা সাহিত্যসভাৰ এই এদিনীয়া কৰ্মশালাখনত উপস্থিত থাকে দৰং জিলা সাহিত্য সভাৰ কোষাধক্ষ্য হৰি চন্দ্ৰ শৰ্মা, সহ সম্পাদক প্ৰবীণ বৰুৱা, গ্ৰন্থাগাৰ চৰিফুল ইছলাম, কুঁহি উপ সমিতিৰ গৌতম শৰ্মা, ভেবাৰ ঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কাঞ্চন শইকীয়াৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ।

কৰ্মশালা সম্পন্ন
কৰ্মশালা সম্পন্ন

Also Read: অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ উত্তাল প্ৰতিবাদত...

One-day workshop darrang sahityasabha