/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c313d53d-0cdb-4eb0-b982-c4f220ce7d27/pijush.jpg)
ডিজিটেল ডেস্কঃ বানপানী আৰু খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক। শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত অসম জল কেন্দ্ৰত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা,কাৰ্যবাহী অভিযন্তা আদি বিভাগীয় বিষয়াৰে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাজ্যৰ ১০৮টা স্থানক বানপানীপ্ৰৱন হিচাপে চিহ্নিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e0e83da2-340b-4a31-8eda-b8aec9b5bba4/343557816_565186345475712_3056251916852210709_n.jpg)
উক্ত স্পৰ্শকাতৰ স্থানসমূহত অহা ১৫ দিনৰ ভিতৰত প্ৰতিৰোধী কাম আৰম্ভ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। এইসমূহ স্পৰ্শকাতৰ স্থানৰ ভিতৰত উত্তৰ লখিমপুৰৰ ১৩,পশ্চিম গুৱাহাটীৰ ৯, মঙলদৈৰ ৮,নলবাৰীৰ ৪টা স্থানকে ধৰি ৰাজ্যৰ আন আন অঞ্চলসহ ১০৮ টা স্থান চিহ্নিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/4c2212f3-d647-4805-a9be-6b8e3c899af2/343582989_1186050051985196_4683407075888074107_n.jpg)
সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰা অনুসৰি বিগত বাৰিষাত ৰাজ্যৰ বিভিন্ন স্থানৰ ২৬ টা মথাউৰিৰ ৪১ টা চিগি যোৱা স্থান আৰু অন্য তিনিটা দুস্কৃতিকাৰীয়ে কাটি দিয়া স্থানৰ সম্পূৰ্ণ হোৱা মেৰামতিৰ সন্দৰ্ভত আলোচনা কৰে। আনহাতে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আন আন স্থানত নিৰ্মীয়মাণ মথাউৰিৰ কামৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়।
বৈঠকত মন্ত্ৰী হাজৰীকাই সমাগত বাৰিষাৰ সময়ছোৱাত ৰাজ্যৰ সকলো নদী কাষৰীয়া অঞ্চলত বান আৰু খহনীয়া প্ৰতিৰোধ ব্যৱস্থা আগতীয়াকৈ গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে। লগতে অধিক বানপানী আৰু খহনীয়াপ্ৰৱণ অঞ্চলসমূহত সতৰ্ক দৃষ্টি ৰাখিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
Also Read: জুৰীয়াত জঘন্য ঘটনা! দুই কিশোৰক অকথ্য নিৰ্যাতন একাংশৰ...