/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d0a84f2b-2434-4e17-a174-cbd545b0b580/258.jpg)
ডিজিটেল সংবাদ,মানকাচৰ : এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা অৱস্থা হৈছে মানকাচৰৰ কেতবোৰ এলেকাৰ জনতাই। জানিব পৰা মতে মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকা সমূহত পানীৰ অভাৱত হাহাকাৰত ভুগিছে হেজাৰ হেজাৰ পৰিয়াল।
বিশেষকৈ জিলাখনৰ শ্বেওৰাগিৰি গাঁৱৰ দুই শতাধিক পৰিয়াল প্ৰতিদিনে গাৰো পাহাৰৰ পৰা বাগৰি পানী সংগ্ৰহ কৰিবলগীয়া হৈছে। সীমান্তৱৰ্তী এলেকাত দৈনিন্দন কামৰ বাবে প্ৰয়োজনীয় পানীখিনিও নথকাত পানীৰ অভাৱত জনতা হাহাকাৰ কৰিবলগীয়া হৈছে।
শ্বেওৰাগিৰিৰ ৰাইজে প্ৰায় দুই কিলোমিটাৰ পাহাৰ খোজকাঢ়ি মেঘালয়ৰ ভিতৰৰ নলা এটাৰ কাষত গাঁত খান্দি দৈনন্দিন ব্যৱহাৰৰ পানী সংগ্ৰহ কৰে। অস্বাস্থ্যকৰ পানী ব্যৱহাৰ কৰাৰ ফলত সম্প্ৰতি গাঁৱখনৰ বহু লোক বিভিন্ন বেমাৰত আক্ৰান্ত হ’বলৈ ধৰিছে।
শ্বেওৰাগিৰি গাঁৱত চৰকাৰে সোনকালে জলজীৱন মিচন আঁচনিৰ প্ৰকল্প নিৰ্মাণ কৰি দিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে।