নগাঁও কলেজ (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত অনলাইন প্ৰ-পত্ৰ পূৰণৰ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী
নগাঁও কলেজ (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও কলেজ (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ শনিবাৰৰ পৰা সাতদিনীয়াকৈ বিভিন্ন সজাগতামূলক আৰু শ্ৰমদান কাৰ্যসূচীৰে বেবেজীয়াস্থিত আঁকোৱালি লোৱা গাঁও বাংথাইত আৰম্ভ হৈছে। বাংথাইস্থিত জলময় গাঁও চৰকাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত পুৱা এন এছ এছৰ পতাকা উত্তোলনেৰে বিশেষ শিবিৰৰ শুভাৰম্ভ হয়।

এন এছ এছৰ কাৰ্যসূচী বিষয়া ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা পতাকা উত্তোলন কাৰ্যসূচীত এন এছ এছৰ শতাধিক সদস্য, স্থানীয় ৰাইজ, জলময় গাঁও নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নগাঁও কলেজ (অট’নমাচ) ৰ উপাধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰাই পতাকা উত্তোলন কৰে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীন বৰদলৈ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

উক্ত শিবিৰৰ লগত সংগতি ৰাখি অনুষ্ঠিত প্ৰথম দিনৰ কাৰ্যসূচীত ডিজিটেল স্বাক্ষৰতা অভিযানৰ অংশ হিচাপে অনলাইন প্ৰ-পত্ৰ পূৰণৰ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী উপাধ্যক্ষ ড০ পুলিনচন্দ্ৰ বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। মুখ্য অতিথি হিচাপে সাংবাদিক প্রাঞ্জল বৰদলৈ উপস্থিত থাকে।

বৰদলৈয়ে ভাষণত এন এছ এছৰ জৰিয়তে মহান কামলৈ ওলাই অহা ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সামাজিক দায়বদ্ধতা অটুট ৰাখি নিজৰ লগতে স্বদেশ আৰু স্বজাতিৰ কাৰণে কাম কৰাৰ আহ্বান জনায়। প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নগাঁও কলেজৰ কাৰ্যালয় সহায়ক সৰ্বানন্দ শইকীয়াই।

তেঁও নগাঁও কলেজৰ আঁকোৱালি লোৱা বাংথাই গাঁৱৰ উপৰিও জলময় গাঁও আৰু পুখুৰীপাৰ গাঁৱৰ সদ্যঘোষিত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক অনলাইন প্ৰ-পত্ৰ পূৰণ সম্পৰ্কে বিশদভাৱে দৃশ্য-শ্ৰব্য ৰূপত উপস্থাপন কৰে। এই সভাতে কাৰ্যসূচী বিষয়া ড০ চুতীয়াই সাতদিনীয়া বিশেষ শিবিৰৰ বিভিন্ন কাৰ্যসূচী, যেনে- আঁকোৱালি লোৱা গাঁৱত আৰ্থ সামাজিক জৰীপ, প’কচ’ আইনৰ সজাগতা, প্ৰাপ্তবয়স্ক লোকৰ স্বাক্ষৰতা সজাগতা, শ্ৰমদান, আঁকোৱালি লোৱা গাঁৱৰ আনুষ্ঠানিক শিক্ষা নথকা আৰু স্থায়ী নিযুক্তি নথকা যুৱকৰ জৰীপ, ৰক্তদান শিবিৰ আৰু স্বাস্থ্য সজাগতা শিৱিৰ আদিৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে শিবিৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে এন এছ এছৰ সদস্যসকলে নিজৰ নিজৰ এলেকাত সামাজিক অনুষ্ঠানসমূহৰ লগতে, ৰাজহুৱা পদপথৰ দাঁতি কাষত স্থানীয় লোকৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি ড০ চুতীয়াই লগতে উল্লেখ কৰে। এই বৃক্ষৰোপণ কাৰ্যসূচী এন এছ এছৰ সহকাৰী কাৰ্যসূচী বিষয়া ড০ মানস জ্যোতি নিৰ্মলীয়াই তদাৰক কৰিব বুলি উল্লেখ কৰে।

নগাঁও কলেজ (অট’নমাচ) ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু এন এছ এছ গোটৰ অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে এন এছ এছৰ সদস্যসকলক এই শিবিৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। লগতে কৰ্তব্য নিষ্ঠা আৰু দায়বদ্ধতাৰে বিশেষ শিবিৰৰ সমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়।

নগাঁও কলেজ (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ
হাৰ্দিক পাণ্ডিয়াক নিলম্বনঃ খেলিব নোৱাৰিব পৰৱৰ্তী মেচ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in