প্ৰতিবাদলৈ আহি আৰক্ষী অধীক্ষকক চৰিওৱাৰ কথা কৈ গ্ৰেপ্তাৰ তথাকথিত ৰাজনৈতিক নেতা...

প্ৰতিবাদলৈ আহি আৰক্ষী অধীক্ষকক চৰিওৱাৰ কথা কৈ গ্ৰেপ্তাৰ তথাকথিত ৰাজনৈতিক নেতা...

author-image
Asomiya Pratidin
New Update
প্ৰতিবাদলৈ আহি আৰক্ষী অধীক্ষকক চৰিওৱাৰ কথা কৈ গ্ৰেপ্তাৰ তথাকথিত ৰাজনৈতিক নেতা...

প্ৰতিবাদলৈ আহি আৰক্ষী অধীক্ষকক চৰিওৱাৰ কথা কৈ গ্ৰেপ্তাৰ তথাকথিত ৰাজনৈতিক নেতা...

ডিজিটেল সংবাদ চিৰাংঃ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ আহি আৰক্ষীৰ সৈতে প্ৰথমে তৰ্কযুদ্ধত লিপ্ত হয় আৰু তাৰ পিছত কৰ্তব্যৰত আৰক্ষীৰ বিষয়াৰ সন্মুখতে দম্ভালি মাৰি আৰক্ষী অধীক্ষকক চৰিয়াই দিয়াৰ কথা কৈ সোমবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল ভি পি আই নামৰ ৰাজনৈতিক দলৰ ৰাজ্যিক সভাপতি।

Advertisment

আজি চিৰাং জিলা সদৰ কাজলগাঁৱত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ আহি কৰ্তব্যৰত আৰক্ষী বিষয়াৰ সৈতে দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হয় ভিপিআই দলৰ ৰাজ্যিক সভাপতি ললিত পেগু। দৰাচলতে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত চলিথকা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি জিলা প্ৰশাসনৰ পৰা অনুমতি লৈ কাজলগাঁৱত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ আহিছিল।

লক্ষ্যনীয় বিষয় যে, ধৰ্ণা কাৰ্য্যসূচীৰ বাবে জিলা প্ৰশাসনৰ পৰা জিলা যোগ কেন্দ্ৰক নিৰ্দিষ্ট কৰি অনুমতি প্ৰদান কৰিছিল । কিন্তু ভি পি আই দলৰ নেতা কৰ্মীসকলে জিলা প্ৰশাসনৰ নিৰ্দেশনাক উলঙ্ঘন কৰি জিলা কেন্দ্ৰৰ সন্মুখৰ পথতে ধৰ্ণা দিয়াৰ প্ৰস্তুতি চলাই থকাৰ সময়তে কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নে বাধা প্ৰদান কৰে আৰু নিৰ্দিষ্ট স্থানতে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ অনুৰোধ কৰে ।

তাকে লৈ আৰক্ষী বিষয়া জনৰ সৈতে ভি পি আই দলৰ নেতা কৰ্মীসকলৰ মাজত বাক -বিতণ্ডা আৰম্ভ হয় । তাৰ মাজতে ভি পি আই দলৰ ৰাজ্যিক সভাপতি ললিত পেগুয়ে দম্ভালি মাৰি কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক থাপৰ দিয়া মানুহ বুলি নিজকে জাহিৰ কৰিব খোজে ।

তেতিয়াই কাজলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নে কৰ্তব্যৰত আৰক্ষীক অপমান তথা দুৰ্ব্যৱহাৰ কৰাৰ অপৰাধত ভি পি আই দলৰ সভাপতি ললিত পেগুক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় । ইয়াকে লৈ ভি পি আই দলৰ কৰ্মীসকলৰ সৈতে আৰক্ষীৰ হতাহতি আৰম্ভ হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

ভি পি আই দলৰ সদস্যই কাজলগাঁও থানাৰ মহিলা কনিষ্টবলৰ সৈতেও দুৰ্ব্যৱহাৰ কৰে । ভি পি আই দলৰ নেতা কৰ্মীসকলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ললিত পেগুক মুকলি কৰি দিয়াৰ দাবীত কাজলগাঁও থানাৰ সন্মুখত বিক্ষোভ প্রদর্শন কৰে ।

কাজলগাঁও থানাত ললিত পেগুৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি পৰবৰ্তী সময়ত তেখেতক জামিনত এৰি দিয়ে ।

Also Read: ৯ মাহত ১২০৩ নাবালিকাই সন্তান জন্ম দিয়ে মানকাচৰত...

প্ৰতিবাদ চিৰাং ভি পি আই