৯ মাহত ১২০৩ নাবালিকাই সন্তান জন্ম দিয়ে মানকাচৰত...

৯ মাহত ১২০৩ নাবালিকাই সন্তান জন্ম দিয়ে মানকাচৰত...
৯ মাহত ১২০৩ নাবালিকাই সন্তান জন্ম দিয়ে মানকাচৰত...

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা :- দক্ষিণ শালমাৰা মানকাচৰ জিলাত প্ৰতিমাহে প্ৰায় ১৩০ গৰাকী নাবালিকা প্ৰসূতিৰ প্ৰসৱ কৰা হয় বুলি সোমবাৰে জিলা যুটীয়া স্বাস্থ্য বিভাগে অসমীয়া প্ৰতিদিনৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জানিবলৈ দিছে। জিলা যুটীয়া স্বাস্থ্য বিষয়া বিষয়া ডাক্তৰ মিনজাহ চৌধুৰী জানিবলৈ দিয়া মতে জিলা ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা ডিচেম্বৰলৈ মাত্ৰ ৯ মাহৰ ভিতৰত মুঠ ১০৭৮৬ গৰাকী প্ৰসুতিৰ প্ৰসৱ কৰা কৰোৱা হৈছে।

তাৰে ১২০৩ গৰাকী নাবালিকা প্ৰসূতি আছিল। জিলা খনত ৯ মাহত প্ৰসূতি মৃত্যুৰ সংখ্যা ৯ গৰাকী আৰু প্ৰসৱৰ পিছত সদ্যজাত শিশুৰ মৃত্যুৰ সংখ্যা ৬৮ গৰাকী। অৱশ্য মৃত্যু হোৱা প্ৰসূতিৰ মাজত এজনো নাবালিকা প্ৰসূতি নথকাৰ লগতে মৃত্যু হোৱা সদ্যজাত শিশু কেইটাৰ প্ৰসূতি মাতৃৰ বয়স ৩০ বছৰৰ ওপৰৰ আছিল বুলি জানিবলৈ দিছে। মুঠ ৫০৩০৩১ গৰাকী জনসংখ্যা থকা জিলা খনত বৈধ দম্পত্তিৰ সংখ্যা ৫৭৩৫২ টা ।

ইফালে প্ৰজনন আৰু শিশু স্বাস্থ্য চমুকৈ আৰ চি এইচৰ তথ্য মতে ২০২২ বৰ্ষত বৰপেটা জিলাত সৰ্বাধিক নাবালিকা প্ৰসূতিৰ প্ৰসৱ কৰোৱা হৈছে। বৰপেটাত ৪০৫৮১ গৰাকী প্ৰসূতিৰ ভিতৰত ১১৬৫৮ গৰাকী নাবালিকা প্ৰসূতি আছিল। বৰপেটা ২৮.৭ শতাংশ নাবালিকা প্ৰসূতিৰ প্ৰসৱ কৰা হোৱাত জিলা খন ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত আছে।

আনহাতে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা যৌথ ভাবে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত আছে। জিলা দুখনত বৰ্ষটোত মুঠ ৫১৮৩১ গৰাকী প্ৰসূতিৰ ভিতৰত ১৪৪৩৮ গৰাকী নাবালিকা প্ৰসূতিৰ প্ৰসৱ হোৱাত নাবালিকা প্ৰসৱৰ সংখ্যা ২৭.৯ শতাংশ বুলি প্ৰজনন শিশু শ্বাস্যৰ এক তথ্য মতে প্ৰকাশ পাইছে।

এই সন্দৰ্ভত হাটশিঙিমাৰী জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ মিনহাজ চৌধুৰী আৰু সহকাৰী যুটীয়া সঞ্চালক ডাক্তৰ আনোৱাৰ-উল ইছলাম কয় যে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ মিলি যি যৌথ বাবে অহা সমীক্ষাৰ তথ্য মতে ধুবুৰী জিলাত নাবালিকা প্ৰসুতিৰ সংখ্যা অত্যাধিক। মানকাচৰ জিলাত ১৪ সহস্ৰাধিক নাবালিকা প্ৰসুতিৰ ভিতৰত প্ৰায় ১২০০ প্ৰসূতিহে হ'ব।

জিলা সহকাৰী যুটীয়া সঞ্চালক গৰাকীয়ে কয় যে একাংশ দৰিদ্ৰ পৰিয়াল ছোৱালী সকলক প্ৰাথমিক শিক্ষা প্ৰদান কৰি হাই স্কুল পোৱাৰ পূৰ্বে বিবাহ দিয়ে। শিক্ষাৰ অভাৱৰ বাবে নাবালিকা বিয়া দিয়া হোৱাত ৰাজ্যত এনে বাল্য বিবাহৰ সংখ্যা বৃদ্ধি পাইছে।

আৰু পঢ়ক: SSB ৰ অভিযান বৃহৎ পৰিমাণৰ কাঠসহ অবৈধ কাঠৰ মিল জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in