/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/7e5e85fd-4821-46c3-856a-76b0d6a6027b/3.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব যিমানে কাষ চাপি আহিছে, সিমানেই ৩নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বজালী নিৰ্বাচনী জিলাত প্ৰশাসনীয় তৎপৰতা বৃদ্ধি পাইছে। এফালে সাহিত্য-সাংস্কৃতিক আৰু ক্ৰীড়াৰ বিভিন্ন উপাদান ব্যৱহাৰৰ যোগেদি সমাজৰ সকলো স্তৰৰ লোকৰ মাজত ভোটাৰ সজাগতা সৃষ্টিৰ প্ৰয়াস আৰু আনফালে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যাৱতীয় সকলো ব্যৱস্থা পৰ্যায়ক্ৰমে কৰি থকা হৈছে।
ইতিমধ্যে বজালী নিৰ্বাচনী জিলাৰ 'পদ্ধতিগত ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ' (SVEEP) কোষৰ দ্বাৰা ভোটাৰ সজাগতাৰ বাবে প্ৰতিদিনে এল ই ডি ভানত বজালী নিৰ্বাচনী জিলাৰ ভোটাৰ ৰাইজৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা শীৰ্ষক গীত আৰু ২ ডি ৰূপত ভোটদানৰ প্ৰক্ৰিয়া আৰু পৰ্যায়ৰ বিষয়ে অৱগত কৰা হৈছে।
ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰি অহা প্ৰতিযোগিতা-প্ৰদৰ্শন অংশ হিচাপে শুকুৰবাৰে পাটাছাৰকুছি বিদ্যাপীঠ আৰু বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'সুনাৱ পাঠশালা' শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত ১৪ বছৰৰ পৰা ১৮ বছৰৰ অনুৰ্ধ্ব ছাত্ৰ-ছাত্ৰীৰ মাজত নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে ভোটাৰৰ সম্পৰ্ক আৰু ভূমিকা সন্দৰ্ভত পাঠদান কৰা হয়। পাঠদান কৰে এ ই আৰ ও তথা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হেমাংগ তালুকদাৰে। সহযোগ কৰে এছ ভি ই ই পি কোষৰ সদস্য তথা জনসম্পৰ্কৰক্ষী সহায়ক তুতুল মানৱ, সদস্য নৱ দাস আৰু সদস্য স্মিতা পৰাশৰে।শিলচৰত বহু ভোটাৰৰ ভোট বৰ্জনঃ পথ নিৰ্মাণৰ বাবে প্ৰতিবাদ ভোটাৰৰ
Also Read: শিলচৰত বহু ভোটাৰৰ ভোট বৰ্জনঃ পথ নিৰ্মাণৰ বাবে প্ৰতিবাদ ভোটাৰৰ