/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/dea373e1-b352-4765-83fd-afee001b3098/13.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰত ৬ টাকৈ আত্মসহায়ক গোটক চি আই এফৰ পৰা ১.৫ লাখ টকাকৈ ঋণ দিয়াৰ নামত ৭৫০০ টকাকৈ উৎকোচ দিয়াৰ দাবী বেঙেৰভিটাৰ ভিঅ'ৰ। ভিঅ'ৰ সভানেত্ৰী নাজমিনা খাতুন আৰু সম্পাদিকা মেহেনাৰা পাৰভিনৰ বিৰুদ্ধে মানকাচৰ উন্নয়ন খণ্ডত লিখিত অভিযোগ আত্মসহায়ক গোটৰ।
ভিঅ'ৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়াৰ বাবে চিৰাখোৱা-বেঙেৰভিটা নয়ন নামৰ আত্মসহায়ক গোটৰ সম্পাদিকা মফিলা খাতুনক প্ৰহাৰ কৰিলে নাজমিনা খাতুনে। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত সম্পাদিকা মফিলা খাতুনে কালাপানী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।
উল্লেখ্য যে, ভিঅ'ৰ সভানেত্ৰী নাজমিনা খাতুন সাংবাদিক হাছিনুৰ ইছলামৰ পত্নী তথা স্থানীয় গাওঁ প্ৰধান মমিনুল ইছলামৰ সৰু ভনীয়েক। জানিব পৰামতে, সাংবাদিক আৰু গাওঁপ্ৰধানৰ ভয় দেখুৱাই উৎকোচ দাবী কৰিছিল সভানেত্ৰী নাজমিনা খাতুনে।
প্ৰাপ্ত তথ্য অনুসৰি, এই মাৰপিটৰ ঘটনাক লৈ সাংবাদিক হাছিনুৰ ইছলাম, গাওঁ প্ৰধান মমিনুল ইছলামসহ কালাপানী আৰক্ষী চকীত ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মফিলা খাতুনে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।