কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ

কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ

ডিজিটেল ডেস্কঃ বুধবাৰে কাকপথাৰৰ ডিৰাকত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে বৃহস্পতিবাৰে আটক কৰা হৈছে এজন আলফা (স্বাঃ)ৰ কেডাৰ। তিনিচুকীয়াৰ বৰডুমছাত গ্রেনেডসহ আটক কৰা হয় আলফা কেডাৰ অচ্যুতানন্দ নেওগ ওৰফে নিলয় অসমক।

বিশেষ সূত্ৰৰ দ্বাৰা লাভ কৰা তথ্য অনুসৰি বিস্ফোৰণৰ পৰিকল্পনাৰে আহিছিল নিলয় অসম। বৰ্তমান অসম ৰাইফলছৰ শিবিৰত সোধা-পোছা কৰি থকা হৈছে নিলয় অসমক।

বুধবাৰে ডিৰাকৰ কপাহতলী সেমা ছাউনীৰ সমীপত সংঘটিত গ্ৰেণেড বিষ্ফোৰণৰ সৈতে আলফা (স্বাঃ)ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল অসম আৰক্ষীয়ে। তাৰ পাছতে বৃহস্পতিবাৰে আলফা (স্বাঃ)ৰ সদস্যৰ গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বুধবাৰৰ ঘটনাৰ সৈতে নিলয় অসম জড়িত আছিল নে নাই সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই।

উল্লেখ্য যে, ২০২২চনত পত্নীসহ আলফা (স্বাঃ)ত যোগদান কৰিছিল অচ্যুতানন্দ নেওগে। বৰ্তমানো আলফা (স্বাঃ)ৰ শিবিৰতে আছে নেওগৰ পত্নী।

কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ
আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in