দেশৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ আছে অসমত, জানক আঁৰৰ কাহিনী

দেশৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ আছে অসমত, জানক আঁৰৰ কাহিনী

author-image
Asomiya Pratidin
New Update
দেশৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ আছে অসমত, জানক আঁৰৰ  কাহিনী

ডিজিটেল সংবাদ,ওৰাংঃ এটা ঐতিহাসিক বিশ্বকৰ্মা মন্দিৰ। প্ৰবাদ অনুসৰি মন্দিৰটো বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰিছিল আৰু নিজেই ধংস কৰিছিল৷ লোকবিশ্বাস আছে যে মন্দিৰটোত পুজা অৰ্চনা কৰিলে যান বাহনৰ গৰাকী বা চালকৰ যানবাহন দুৰ্ঘটনা নহয় বা মংগল হয়৷

Advertisment

পৰ্যটকক হাত বাউলি মাতে ইয়াৰ মনোৰম দৃশ্যই। পৰ্যটনৰ নতুন সম্ভাৱনা হ'ব পাৰে এই ঐতিহাসিক বিশ্বকৰ্মা মন্দিৰ বা বিশ্বকৰ্মা থান খন। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দক্ষিণে ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ শিঙৰী পাহাৰ কাষতে শিঙৰী চাহ বাগিচাৰ ভিতৰত এটা হেলনীয়া ঐতিহাসিক ভগা মন্দিৰ তথা শ্ৰী শ্ৰী বিশ্ব কৰ্মা মন্দিৰ অৱস্থিত।

চাহ বাগিচাৰ মাজত আছে একমাত্ৰ বিশ্ব কৰ্মাৰ মন্দিৰটো যিটো স্বয়ং বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰিছিল। অসমত থকা দেশৰ ভিতৰতে একমাত্ৰ ভগবান বিশ্ব কৰ্মাৰ মন্দিৰ৷ প্ৰবাদ মতে বিশ্ব কৰ্মাই নিজে এই মন্দিৰটোত থকাৰ বাবে নিজ হাতে নিৰ্মান কৰিছিল যদিও মন্দিৰটো অৱশেষত নিজেই ধ্বংস কৰিছিল মন্দিৰটো।

চাৰিওফালে চাহ বাগিচাৰ লগতে ওখ ওখ বিভিন্ন গছ গছনিৰে আৱৰা বিশ্ব কৰ্মা মন্দিৰটোৰ আশে পাশে বহুতো ভঙা ছিঙা শিলৰ ধ্বংসস্তুপ পৰি থকা দেখিবলৈ পোৱা যায়। তাৰে ভিতৰত বিভিন্ন শিলৰ খুঁটা, স্তম্ভ, দুৱাৰত লগোৱা খুঁটা, শিলত কটা বিভিন্ন মূৰ্তি, ফুল, কৃৰ্তি চিহ্ন আদিয়ে সেই ঠাইৰ প্ৰতি আকৰ্ষিত কৰি আহিছে বহুতকে।

শিঙৰীত থকা গুপ্তেশ্বৰ মন্দিৰ আৰু দেশৰ একমাত্ৰ এই বিশ্বকৰ্মা মন্দিৰৰ সম্পৰ্কে জনশ্ৰুতি আছে যে অতিজতে ঋষি শৃংগ মুনিয়ে লোকালয় এৰি গুপ্তভাৱে থাকি মহাদেৱ শিৱক আৰাধনা কৰিবলৈ ইচ্ছা কৰিছিল ৷ সেই কথা মহাদেৱক জনোৱাত মহাদেৱে বিশ্বকৰ্মাক মাতি আনি এটা মন্দিৰ সাজিবলৈ নিৰ্দেশ দিলে।

মন্দিৰ সজাৰ পাছত মহাদেৱ তাত গুপ্তভাৱে থাকি গুপ্তেশ্বৰ হ'ল৷ কিছুদিনৰ পিছত মহাদেৱে বিশ্বকৰ্মাকো তাতে এটা মন্দিৰ সাজি থাকিবলৈ কয়৷ বিশ্বকৰ্মাই পাঁচদিন খাটি এটা আটকধুনীয়া মন্দিৰ নিজলৈ বুলি নিৰ্মাণ কৰিলে ৷ মহাদেৱে মন্দিৰটো দেখি ক'লে বোলে, মোৰটো বিশ্বকৰ্মাই এদিনতে সাজিলে আৰু নিজৰটো সাজিবলৈ পাঁচদিন ল'লে আৰু সাজিলেও ধুনীয়াকৈ ৷

এই কথাতে বেয়া পাই, বিশ্বকৰ্মাই ঘৰ সাজি নাথাকো বুলি মন্দিৰটো হেঁচামাৰি একতীয়া কৰি এৰি গুচি গ'ল৷ তেতিয়াৰে পৰা মন্দিৰটো ভাঙি শিলাখণ্ড বোৰ হেলনীয়া হৈ পৰি আছে বুলি লোক বিশ্বাস আছে৷

শিঙৰীৰ ঐতিহাসিক বিশ্বকৰ্মাৰ (ভগা ) মন্দিৰটো দেশৰ ভিতৰতে একমাত্ৰ মন্দিৰ বুলি কোৱা হয়৷ ইয়াত বিভিন্ন প্ৰান্তৰ ধৰ্শনাৰ্থী আহি পুজা অৰ্চনা কৰে৷ ইয়াত পুজা অৰ্চনা কৰিলে মংগল হয় বুলি জনশ্ৰুত আছে৷ শিঙৰীৰ বিশ্ব কৰ্মা মন্দিৰটো বিগত কেইবাবছৰ ধৰি ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগৰ অধিনত আছে৷ পুৰাতত্ব বিভাগে ইয়াৰ ঐতিহ্য আৰু শিলা খণ্ডৰ লগতে কৃতি চিহ্ন সমূহ গৱেষণা কৰি আছে৷‌ এই এলাগী ঐতিয্যটো চৰকাৰেও গুৰুত্ব প্ৰদান কৰি এই ঐতিহাসিক মন্দিৰটো পৰ্যটনস্থলী ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মন্দিৰ উন্নয়ন সমিতিয়ে।

Also Read: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক কাণত ধৰি আঁঠু কঢ়ালে ৰাইজে