ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক কাণত ধৰি আঁঠু কঢ়ালে ৰাইজে

ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক কাণত ধৰি আঁঠু কঢ়ালে ৰাইজে

author-image
Asomiya Pratidin
New Update
ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক কাণত ধৰি আঁঠু কঢ়ালে ৰাইজে

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ ঐতিহ্যমণ্ডিত মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ সুনামত কালিকা সানিলে এজন শিক্ষকে। পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ এগৰাকী শিক্ষকৰ বিৰুদ্ধে।

অভিযোগৰ পাছতে অভিযুক্ত শিক্ষকক কাণত ধৰাই আঠুকঢ়ালে ৰাইজে। শিক্ষক গৰাকী অধৰ ঠাকুৰীয়া বুলি চিনাক্ত হৈছে।

এই ঘটনাক লৈ বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ছাত্ৰী গৰাকীক যৌন আতিশয্য চলাই আহিছিল শিক্ষকগৰাকীয়ে। বিষয় সন্দৰ্ভত উমান পাইয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Also Read: ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আৰম্ভ 'গাড়ী শান্তি পৰ্ব'