/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/50cb787c-ffd5-4cca-91bb-4c40df8b2cbc/53.jpg)
ডিজিটেল সংবাদ,চৰাইদেউ : চৰাইদেউ প্ৰত্নতাত্ত্বিক ক্ষেত্ৰক ইতিমধ্যে ভাৰত চৰকাৰে ইউনেস্কোৰ 'বিশ্ব ঐতিহ্য ক্ষেত্ৰ'ৰ তালিকাত অন্তর্ভুক্তিৰ বাবে এই বছৰৰ একমাত্ৰ ভাৰতীয় ক্ষেত্র হিচাপে প্রস্তাৱ প্রেৰণ কৰিছে ৷ সেয়েহে আগন্তুক দিনত ইউনেস্কোৰ প্ৰতিনিধি দলৰ দ্বাৰা হ'বলগীয়া বিভিন্ন ধৰণৰ পৰিদৰ্শনৰ পূৰ্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ পৰামৰ্শমতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ ৪গৰাকীকৈ মন্ত্ৰীয়ে ঐতিহাসিক চৰাইদেউ মৈদামৰ প্ৰত্নতাত্ত্বিক ক্ষেত্র পৰিদৰ্শন কৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7f496aa3-8242-4d17-9299-ad2d389bb538/376789250_943910933762590_4521012153611377879_n.jpg)
মন্ত্ৰী গোটটোত জয়ন্ত মল্লবৰুৱাকে ধৰি কেশৱ মহন্ত, যোগেন মহন, নন্দিতা গাৰ্লোছাই শনিবাৰে ঐতিহাসিক চৰাইদেউ মৈদামৰ প্ৰত্নতাত্ত্বিক ক্ষেত্র পৰিদৰ্শন কৰে। লগতে এক পর্যালোচনা বৈঠকত ভাগ লৈ ক্ষেত্ৰখনৰ সংৰক্ষণ আৰু স্বীকৃতিৰ বাবে প্ৰয়োজনীয় আন আন দিশ সমূহৰ ওপৰত আলোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/bd21f41e-1b82-416a-8051-71aa49bb045b/376238203_943910983762585_3417946947584204468_n.jpg)
পৰিদৰ্শন কালত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ ক্ষেত্ৰত জিলা প্ৰশাসনকে ধৰি আন আন কৰ্তৃপক্ষসমূহে সমন্বয়ৰে কাম কৰিব লাগে বুলি উল্লেখ কৰে। তেওঁ সকলো দিশতে স্থানীয় ৰাইজৰ সহায় কামনা কৰে।
সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় ৰাইজলৈ অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে কয়- 'আগন্তুক মাহৰ প্ৰথম পষেকত ইউনেস্কোৰ যিসকল লোক আহিব। তেওঁলোকৰ সন্মুখত ঐতিহাসিক চৰাইদেও মৈদামৰ প্ৰত্নতাত্ত্বিক ক্ষেত্রই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাব লগা সকলো ব্যৱস্থা যাতে আমি দেখুৱাব পাৰোঁ।'
লগতে তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ঐতিহাসিক চৰাইদেউ মৈদামৰ প্ৰত্নতাত্ত্বিক ক্ষেত্রই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন পাবলৈ সক্ষম হৈছে। এয়া আমাৰ সৌভাগ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ba4a9eea-510b-422b-b6a4-10886eb752a2/376763470_943911023762581_8165614969784363000_n.jpg)
যিকোনো প্ৰকাৰে ঐতিহাসিক ক্ষেত্রটোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে অনুমোদিত হ'ব লাগে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শন কালত অসম চৰকাৰৰ মুখ্য সচিব, স্থানীয় বিধায়ক, বিৰোধি দলপতি আৰু সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে।
Also Read: গুৱাহাটী দৃষ্টিহীন উ:মা: বিদ্যালয়ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন