গুৱাহাটী দৃষ্টিহীন উ:মা: বিদ্যালয়ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

ওজা হেমচন্দ্ৰ বৰুৱাৰ 'পঢ়াশলীয়া ব্যাকৰণ' আৰু 'অসমীয়া ভাষাৰ ব্যাকৰণ' ব্ৰেইল পদ্ধতিত অতি শীঘ্ৰেই প্ৰকাশৰ ব্যৱস্থা কৰা হ'ব বুলি সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ বৰুৱাই মন্তব্য কৰে

author-image
Asomiya Pratidin
New Update
গুৱাহাটী দৃষ্টিহীন উ:মা: বিদ্যালয়ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল ডেস্ক : উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে পৰিচিত,গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন স্থাপন কৰা হৈছিল ২০১৯ চনৰ ৯ ছেপ্তেম্বৰত। বহু উত্থাপন-পতনৰ মাজেৰে বিদ্যালয়খনে ইতিমধ্যে শনিবাৰে পঞ্চম বৰ্ষত উপনীত হয়।

Advertisment

এই উপলক্ষে শিক্ষানুষ্ঠানখনৰ উদ্যোগত ৯ ছেপ্তেম্বৰ শনিবাৰে বাৰ্ষিক খেল-ধেমালি,সংগীত,লিখা-পঢ়া আদি প্ৰতিযোগিতাৰ লগতে আন বিভিন্ন কাৰ্যসূচীৰ লগতে বঁটা বিতৰণী ও মুকলি সভাৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা,সামাজ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহু, মাধ্যমিক শিক্ষা সংসদৰ উপ-সঞ্চালিকা দিপিকা চৌধুৰী,কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ঋতুপৰ্ণ কলিতা।

সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন সমিতিৰ সভাপতি ভবেন বৰ্মনে। ইয়াৰ পিছতে নিমন্ত্ৰিত অতিথি জয়ন্ত বৰুৱাই ছাত্ৰ-ছাত্ৰী তথা উপস্থিতসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

তেওঁ কয় যে, এখন স্কুলৰ মান আৰু মৰ্যদাৰ ক্ষেত্ৰত বিদ্যালয়খনৰ ছাত্ৰী-ছাত্ৰীয়ে মূল। শিক্ষাৰ্থীসকল যিমান সততাৰে আগুৱাই যাব সিমানেই স্কুলখনৰ মান-মৰ্যদা জিলিকি থাকিব।

লগতে তেওঁ উল্লেখ কৰে যে, অসমীয়া ভাষাটো শুদ্ধ ৰূপত আহৰণ কৰাৰ ক্ষেত্ৰত কিছু সহায়ক হওক বুলিয়েই হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰা হৈছে। ব্ৰেইল অভিধানৰ দৰেই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 'পঢ়াশলীয়া ব্যাকৰণ' আৰু 'অসমীয়া ভাষাৰ ব্যাকৰণ' ব্ৰেইল পদ্ধতিত অতি শীঘ্ৰেই প্ৰকাশৰ ব্যৱস্থা কৰা হ'ব বুলি সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ বৰুৱাই মন্তব্য কৰে।

আনহাতে সামাজ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহুৱে কয় যে,বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে এই শিক্ষানুষ্ঠানখনে আজি ৫ম বৰ্ষত ভৰি দিলে। ভাষণ প্ৰসংগত তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিদ্যালয় হিচাপে যিমানখনি ক্ষিপ্ৰতাৰে শিক্ষানুষ্ঠাখনৰ কাম আগবাঢ়ি যাব লাগিছিল সেই অনুপাতে কিছু পিছ পৰি থকা বুলি উল্লেখ কৰে। ইফালে বঁটা বিতৰণী সভাত নিমন্ত্ৰিত অতিথিবৃন্দৰ উপৰি স্থানীয় বিধায়ক অতুল বৰাই পুৰস্কাৰপ্ৰাপ্তসকলক বঁটা প্ৰদান কৰে।

ইয়াৰোপৰি হেমন্ত গগৈয়ে ভূপেন্দ্ৰ সংগীত আৰু ৰুকচানা বেগমে এটি লোকগীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইয়াৰ পিছতে শলাগৰ শৰাই আগবঢ়াই জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি মাৰে।

Also Read: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক বৰ্খাস্ত কৰাৰ দাবীত এবছুৰ প্ৰতিবাদ

foundation day Visually Impaired school