কাজিৰঙাৰ পঞ্চায়তত নাথাকে সভানেত্ৰী, বঞ্চিত হিতাধিকাৰী...

কাজিৰঙাৰ পঞ্চায়তত নাথাকে সভানেত্ৰী, বঞ্চিত হিতাধিকাৰী...

ডিজিটেল সংবাদ, কাজিৰঙা : জনসাধাৰণৰ প্ৰতি থাকিব অৱহেলা সেৱা মনোভাৱৰ বিপৰীতে দীৰ্ঘদিন ধৰি হিতাধিকাৰীক অৱহেলা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে বোকাখাত মহকুমাৰ অন্তৰ্গত পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ বিৰুদ্ধে ৷ অভিযোগ মতে পঞ্চায়ত খনৰ সভানেত্ৰী গৰাকীৰ লগতে ৱাৰ্ড সদস্য সকল কাৰ্যালয়ত উপস্থিত নথকাৰ বাবে চৰকাৰী আঁচনি সমূহৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে বহু সংখ্যক হিতাধিকাৰী ৷

এই ক্ষেত্ৰত চৰকাৰে নিযুক্তি প্ৰদান কৰা সচিব গৰাকীও কাৰ্যালয়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ আনহাতে পৰ্যটনস্থলী কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে থকা পশ্চিম কাজিৰঙা গাঁও পঞ্চায়ত কাৰ্যালয়টোৰ বহিৰ্ভাগৰ দুৰৱস্থা পৰ্যটনস্থলী কাজিৰঙাৰ বাবে লজ্জাজনক বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে ৷ এই ক্ষেত্ৰত পঞ্চায়ত সচিবৰ লগতে জনপ্ৰতিনিধি সকলৰ নিয়মীয়া উপস্থিতি আৰু কাৰ্যালয়টোৰ উন্নীতকৰণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in