কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত "হেম্ফু কোৰোচাৰ লক্ষীমন" উৎসৱেৰে মুখৰিত কাজিৰঙাৰ ইংলেপথাৰ...

কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত "হেম্ফু কোৰোচাৰ লক্ষীমন" উৎসৱেৰে মুখৰিত কাজিৰঙাৰ ইংলেপথাৰ...

ডিজিটেল সংবাদ, কাজিৰঙা : কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত" হেম্ফু কোৰোচাৰ লক্ষীমন" উৎসৱেৰে মুখৰিত কাজিৰঙাৰ ইংলেপথাৰ ৷ দুদিনীয়া কাৰ্যসূচীৰে কেইবাখনো কাৰ্বি জনগোষ্ঠীৰ গাঁৱে সন্মিলিত ভাৱে কহঁৰাৰ সমীপৰ ইংলেপথাৰত উদযাপন কৰিছে তেওঁলোকৰ ধৰ্মগুৰু হেম্ফু কোৰোচাৰ লক্ষীমনৰ ৬৫ সংখ্যক জন্ম জয়ন্তী ৷

১৯৬১ চনৰে পৰা প্ৰতি বছৰে ৫ ফেব্ৰুৱাৰী দিনটোত তেওঁলোকে পালন কৰি আহিছে লক্ষীমনৰ জন্ম জয়ন্তী ৷ কাজিৰঙা-কাৰ্বিআঙলংৰ সীমান্তৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত দুদিনীয়াকৈ আয়োজন কৰা উৎসৱৰ মাংগলিক অনুষ্ঠানত দেখা পোৱা গ’ল পৰম্পৰাগত নৃত্য গীতৰ চালে চকুৰোৱা সুশৃংখলিত ৰূপ ৷ ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি বৃদ্ধ বৃদ্ধাই খোজৰ তালত তাল মিলাই বন্দনা কৰিলে লক্ষীমনৰ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in