অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিলে মথুৰাপুৰবাসীয়ে

অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিলে মথুৰাপুৰবাসীয়ে

author-image
Asomiya Pratidin
New Update
অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিলে মথুৰাপুৰবাসীয়ে

ডিজিটেল সংবাদ,মথুৰাপুৰঃ আজি বিজয়া দশমী। ম্লান পৰিল দুৰ্গা পূজাৰ মণ্ডপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিজয়া দশমীৰ দিনা মথুৰাপুৰবাসীয়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে দেৱী দুৰ্গাক ৷

Advertisment

উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ তথা অতি পুৰণি দুৰ্গা পুজা উদযাপন সমিতিয়ে পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰৰ এইবাৰো মহাষ্টমী আৰু নৱমীৰ দিনা হাঁহ, ছাগলী, কোমোৰা আৰু পাৰ বলি আগবঢ়ায় ৷ দশমীৰ দিনা আয়তীসকলে পৰম্পৰাগত সেন্দুৰ খেলাৰ পিচতেই দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰে ।

আৰক্ষীৰ কটকটীয়া নিৰাপত্তা মাজতে মাইবেলাস্থিত চফ্ৰাই নদীৰ ঘাটত উপস্থিত হৈ শান্তিপূৰ্ণভাৱে দেৱী মূৰ্তি বিৰ্সজন দিয়ে ।

Also Read: বিজয়া দশমীৰ দিনাই হেঙৰাবাৰীত চাঞ্চল্যকৰ ঘটনা

durga puja mathurapur