এন পি এছ বাতিলৰ দাবীৰে “ভাৰত যাত্ৰা”ৰ দলক বেবেজীয়াত বিপুল আদৰণি

এন পি এছ বাতিলৰ দাবীৰে “ভাৰত যাত্ৰা”ৰ দলক বেবেজীয়াত বিপুল আদৰণি

author-image
Asomiya Pratidin
New Update
এন পি এছ বাতিলৰ দাবীৰে “ভাৰত যাত্ৰা”ৰ দলক বেবেজীয়াত বিপুল আদৰণি

ডিজিটেল সংবাদ , নগাঁও : পুৰণি পেঞ্চন নীতি বাতিলৰ মূল দাবীকে ধৰি বিভিন্ন সমস্যা সমাধানৰ প্ৰতিবাদৰে মঙলবাৰৰ পৰা দেশজুৰি আৰম্ভ হোৱা “ভাৰত যাত্ৰা” নামৰ প্ৰতিবাদী কাৰ্যসূচীৰ দলটোক গুৱাহাটীৰ পৰা নগাঁৱৰ বেবেজীয়াত উপস্থিত হওতে বিপুলভাৱে আদৰণি জনোৱা হয়৷ এই উপলক্ষে টোকোলাই বেবেজীয়া প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আজি সন্ধিয়া এক আদৰণি সভাও অনুষ্ঠিত হয়৷

Advertisment

নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিনীৰ সম্পাদক পৱনজ্যোতি বৰাই আঁত ধৰি আগবঢ়াই নিয়া অনুষ্ঠানটোত সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক ফেডাৰেচনৰ সম্পাদক প্ৰধান কমলাকান্ত ত্ৰিপাঠীৰ লগতে বিষয়ববীয়া লক্ষ্মণ বেহেলা, কল্পনা দাস, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ, উপ সভাপতি নিলাক্ষী গগৈ, ভৈৰৱ মহন্ত, প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, উপ সম্পাদক দীপাংকৰ শৰ্মা, কোষাধ্যক্ষ চামচুৰ আহমেদৰ উপৰি বিষয়ববীয়া অৰুণ শইকীয়া, দেৱজ্যোতি হাজৰিকা আৰু অমল শৰ্মা আদিক সম্ভাষণ আগবঢ়োৱা হয়৷

সেই অনুষ্ঠানত দলটোৰ কেইবাগৰাকীও বিষয়ববীয়াই ভাষণ ৰাখে৷ প্ৰাথমিক শিক্ষক সন্মিলনীৰ নগাঁও জিলাৰ খাগৰিজান খণ্ডৰ সভাপতি শিৱপ্ৰসাদ ভড়ালী, সম্পাদক তথা সমাজ সংগঠক ৰিপণজিৎ দাস, নগাঁও জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি মাইনুল হক আকন্দ, সম্পাদক ধীৰাজ বৰা, সহকাৰী সম্পাদক মনোজ কাকতি, অসম কলেজ শিক্ষক সংস্থাৰ মাণ্ডলিক সভাপতি ৰামেশ্বৰ কুৰ্মী, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ সাংগঠনিক সম্পাদক সমীৰ হাজৰিকা, কপিলী খণ্ড প্ৰাথমিক সন্মিলনীৰ সম্পাদক তথা লেখক লক্ষীপ্ৰসাদ ডেকা, টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বিষয়ববীয়া ভৱজ্যোতি ডেকাকে প্ৰমুখ্য কৰি ভালেসংখ্যক ব্যক্তিয়ে ভাগলোৱা অনুষ্ঠানটোত গ্ৰামাঞ্চলটোৰো বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিকে ধৰি বহুলোক উপস্থিত আছিল৷

উল্লেখ্য যে, ভাৰত যাত্ৰাৰ দলটোত থকা সৰ্বভাৰতীয় পৰ্যায়ৰ বিষয়ববীয়া কেইগৰাকীক বটদ্ৰৱাৰ শিক্ষক ৰাজীৱ মহন্তই নিজ হাতেৰে নিৰ্মাণ কৰা একোটাকৈ কাঠৰ গঁড় উপহাৰ হিচাপে আগবঢ়ায়৷

Also Read: গৰমে ভংগ কৰিছে ৰেকৰ্ড! আগন্তুক ৪-৫ দিন বৃদ্ধি পাব তাপমান

congress